নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অমিত শ্বাহে ৪খনকৈ আঁচনিৰ কৰিব শুভাৰম্ভ

‘জাতীয় জীৱনৰ মাইলৰ খুঁটি’

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বৰদোৱাক আধ্যাত্মিক তীর্থ পর্যটন কেন্দ্র ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা বিশেষ পৰিকল্পনাক বাস্তৱ ৰূপ দি আজি আনুষ্ঠানিকভাৱে বটদ্রৱা থানৰ বিকাশ আৰু সৌন্দর্যবর্ধন প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ অসমৰ জাতীয় জীৱনৰ মাইলৰ খুঁটি ৰূপে পৰিগণিত হ’ব লগা এই প্রকল্পৰ আধাৰশিলা স্থাপনৰ বাবে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ দেশৰ গৃহমন্ত্রীগৰাকীয়ে কাইলৈ গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রত আনুষ্ঠানিক শুভাৰম্ভ কৰিব চাৰিটাকৈ কার্যসূচীৰ৷ গৃহমন্ত্রীগৰাকীৰ কার্যসূচীৰ বিস্তৃত বর্ণনা দি ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে গৃহমন্ত্রীগৰাকীয়ে কাইলৈ শুভাৰম্ভ কৰিবলগীয়া প্রতিটো প্রকল্পই অসমৰ জাতীয় জীৱনলৈ আগবঢ়াব বিশেষ অৱদান৷ জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত অমিত শ্বাহৰ কার্যসূচী সম্পর্কত সদৰী কৰি মন্ত্রী ড০ শর্মাই কয়– শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থানক কলা–সংস্কৃতি, গৱেষণা আৰু আধ্যাত্মিকতাৰ এক কেন্দ্রস্থল ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বটদ্রৱা থানক তীর্থ পর্যটন তথা ধর্মীয় পর্যটকৰ আকর্ষণস্থলী ৰূপে কৰি তুলিবলৈ ইতিমধ্যে গ্রহণ কৰা সিদ্ধান্তক কাইলৈ কার্যকৰী ৰূপ দিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ পঞ্জাবৰ স্বর্ণ মন্দিৰৰ দৰে সু–সজ্জিত ৰূপত বটদ্রৱা থানক উজলাই তুলিবলৈ গ্রহণ কৰা বিকাশ আৰু সৌন্দর্যবর্ধন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্রী অমিত শ্বাহে৷ ইতিমধ্যে এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে মোকলাই দিছে ১৮৬ কোটি টকা৷ বটদ্রৱা থানৰ বেদখলীকৃত ভূমি মোকলাই উক্ত ভূখণ্ডতে থানৰ সৌন্দর্যবর্ধনৰ আঁচনি গ্রহণ কৰা হ’ব৷ কাইলৈ দিনৰ ১ বজাত এই প্রকল্পৰ আধাৰশিলা স্থাপনৰ পাছতেই ইয়াৰ কাম আৰম্ভ হ’ব৷ অসম চৰকাৰৰ লোকনির্মাণ বিভাগে ইতিমধ্যে নগাঁৱৰ পৰা বটদ্রৱালৈ ফ’ৰলেন পথ নির্মাণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰিছে৷ এই পথৰ বাবে ২২৩ কোটি টকা মোকলাই দিয়া হৈছে৷ বটদ্রৱাৰ দৰে পৱিত্র আৰু মংগলময় অঞ্চলটোক এই প্রকল্পই অধিক মাত্রা প্রদান কৰিব৷ আনহাতে, আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রৰ পৰাই কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমৰ স্বাস্থ্যখণ্ডৰ আন এক প্রকল্পৰ শুভাৰম্ভ কৰিব৷ মন্ত্রী ড০ শর্মাই এই কার্যসূচী সন্দর্ভত জানিবলৈ দিয়া মতে, কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আজি গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰিব৷

উল্লেখ্য যে গুৱাহাটীৰ কালাপাহাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ চিকিৎসালয় চৌহদ আৰু মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় চৌহদক সাঙুৰি নির্মাণ হ’বলগীয়া এই বৃহৎ চিকিৎসা মহাবিদ্যালয়খনৰ কাৰণে প্রাৰম্ভিক পর্যায়ত ৰাজ্য চৰকাৰে ব্যয় কৰিব ৮৬০ কোটি টকা৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, দেশৰ ভিতৰতে অত্যাধুনিক আৰু সুবিশাল চিকিৎসালয় ৰূপে পৰিগণিত হ’ব লগা দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় চৌহদত এটা ৮ মহলীয়া অট্টালিকা নির্মাণ কৰা হ’ব৷ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল ৰূপে গঢ় দিব লগা এই চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বাবে ৮০০খন বিছনা, জৰুৰীকালীন কক্ষৰ বাবে ৩০খন বিছনা, ৭৬খন আই চি ইউ বিছনা, ১৬টা অস্ত্রোপচাৰ কক্ষ আৰু অত্যাধুনিক সুবিধাৰ ব্লাড বেংক, পৰীক্ষাগাৰ থাকিব৷ একেদৰে কালাপাহাৰ চিকিৎসালয়ত হ’ব লগা সংযুক্ত চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বাবে ৫০০খন বিছনা, ৪৮খন আই চি ইউ বিছনা, ৯টা অস্ত্রোপচাৰ কক্ষ আৰু জৰুৰীকালীন কক্ষৰ বাবে ৩০খন বিছনা থাকিব৷ দেশৰ ভিতৰতে এইখনেই হ’ব বৃহৎ চিকিৎসা মহাবিদ্যালয়৷ কালি গৃহমন্ত্রীগৰাকীয়ে এই চিকিৎসা মহাবিদ্যালয়খনৰ মাংগলিক শুভাৰম্ভ কৰাৰ পাছতে আৰম্ভ হ’ব নির্মাণকার্য৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়া মতে, দুয়োখন চিকিৎসা মহাবিদ্যালয়ক সংযোগ কৰাৰ বাবে অর্থাৎ ৮ মিনিটৰ ভিতৰতে অহা–যোৱা কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীত তিনিখন অত্যাধুনিক ফ্লাইভাৰ নির্মাণৰ কামো হাতত ল’ব৷ চেৰাবভাটি, পল্টনবজাৰ, ৰিহাবাৰী–নেপালী মন্দিৰ অঞ্চলত এই উৰণীয়া সেতু তিনিখন নির্মাণ কৰা হ’ব৷ এই দুটা বৃহৎ কার্যসূচীৰ লগতে কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ১০খনকৈ আইন মহাবিদ্যালয়ৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰিব৷ এই কার্যসূচীৰ কথা সদৰী কৰি ড০ শর্মাই কয়– ৰাজ্য চৰকাৰে ইতিমধ্যে ১১খনকৈ আইন মহাবিদ্যালয় নির্মাণৰ কাম হাতত লৈছিল৷ ইতিমধ্যে চতিয়াত এখন আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে৷

আজি ডিফু, শিলচৰ, ধুবুৰী, ডিব্রুগড়, উত্তৰ লখিমপুৰ, যোৰহাট, বিলাসীপাৰা, নলবাৰী, ৰঙিয়া আৰু ৰহাত ৩৩ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা আইন মহাবিদ্যালয়কেইখন আধাৰশিলা স্থাপন হ’ব৷ একে অনুষ্ঠানৰ পৰাই অসম দর্শন আঁচনিৰ অধীনত অসমীয়া সংস্কৃতিৰ বৰঘৰ নামঘৰসমূহলৈ অনুদান প্রদান অনুষ্ঠানতো ভাগ ল’ব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ বৈচিত্র্যৰ মাজত ঐক্য–সংহতিৰ এক অনুপম আর্হি হিচাপে চিহ্ণিত হৈ অহা ৰাজ্যৰ ৮ হাজাৰ নামঘৰক ২.৫০ লাখ টকাকৈ অনুদান দিয়াৰ সিদ্ধান্ত ইতিমধ্যে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে৷ কাইলৈ অমিত শ্বাহৰ উপস্থিতিত প্রথম পর্যায়ত ৬,৯৭২টা নামঘৰলৈ আগবঢ়োৱা হ’ব এই অনুদান৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰে ব্যয় কৰিব ২০০ কোটি টকা৷ আনহাতে, এই নামঘৰসমূহলৈ অহা–যোৱা কৰা ৰাস্তা–ঘাট নির্মাণ কৰিব লোকনির্মাণ বিভাগে৷ অসমৰ সামাজিক উন্নয়নৰ সামূহিক কেন্দ্র ৰূপে গঢ় লৈ উঠা এই নামঘৰসমূহলৈ আগবঢ়াবলগীয়া অনুদান প্রদান অনুষ্ঠানত উপস্থিত থাকিব নামঘৰৰ ধর্মীয় অগ্রজ লোকসকল৷

উল্লেখ্য যে তিনিদিনীয়া কার্যসূচীৰে আজি নিশা প্রায় ১১.৫৫ বজাত বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপি নেতৃত্বই উষ্ম আদৰণি জনায়৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ আগমনক লৈ তৎপৰ হৈ পৰা ৰাজ্যিক বিজেপিয়ে আজি দলৰ অন্যতম শীর্ষ নেতাজনক জালুকবাৰীৰ পি ডব্লিউ ডি বাংলোলৈ নানা সাংস্কৃতিক কার্যসূচীৰে আদৰি আনে৷ নিশাৰ ভাগত গুৱাহাটীত অৱতৰণ কৰা অমিত শ্বাহক আদৰিবলৈ আজি বৰঝাৰস্থিত বিমানবন্দৰত ভিৰ লাগে বিজেপিৰ কার্যকর্তা আৰু নেতাসকলৰ৷ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ অহা এই পথছোৱাত নেতাগৰাকীক সম্ভাষণ জনাবলৈ বিজেপিৰ কার্যকর্তাসকলে ১০ হাজাৰ বন্তি প্রজ্বলন কৰে৷ একেদৰে দলৰ জ্যেষ্ঠ নেতাগৰাকীক তিনি হাজাৰৰো অধিক জনগোষ্ঠীয় শিল্পীয়ে নিজস্ব কলা–সংস্কৃতিৰে আদৰি আনে৷ বিমানবন্দৰৰ পৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে একেখন গাড়ীত বাহিৰলৈ ওলাই অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক হাজাৰ হাজাৰ মহিলাই পুষ্পবৃষ্টিৰে আদৰণি জনায়৷ বিহুনৃত্য, গায়ন–বায়ন, সত্রীয়া নৃত্য, ঝুমুৰ, হোলী গীত আদিৰে বৰঝাৰৰ পৰা আমিনগাঁৱলৈ যোৱা পথছোৱা মুখৰিত হৈ পৰে৷ অমিত শ্বাহ জিন্দাবাদ, ভাৰত মাতা কি জয় আদি ধ্বনিৰে বিজেপি নেতা–কর্মীসকলে তেওঁক উষ্ম আদৰণি জনায়৷ মাজনিশা গুৱাহাটীৰ ৰাজপথত এই পৰিৱেশ আছিল অভূতপূর্ব, আনন্দমুখৰ৷ ৰাজ্যৰ বিত্ত বিভাগে ঐতিহ্যমণ্ডিত ধর্মীয় অনুষ্ঠানসমূহলৈ আর্থিক বৰঙণি আগবঢ়োৱা কার্যসূচীৰ প্রাকমুহূর্তত গুৱাহাটীৰ ৰাজপথত এনে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ আজি নিশা জালুকবাৰীৰ পি ডব্লিউ ডি বাংলোত কটাব লগা অমিত শ্বাহে কাইলৈ দিনৰ ১২ বজাত এক ৰাষ্ট্রীয় অনুষ্ঠানত ভিডি’ কনফাৰেঞ্চযোগে ভাগ ল’ব৷ ইয়াৰ পাছতেই কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রত দিনৰ ১ বজাৰ পৰা চাৰিটাকৈ গুৰুত্বপূর্ণ কার্যসূচীত অংশ ল’ব৷

You might also like