বিশেষ বাৰ্তা, ৯ এপ্রিলঃ অসমক শান্ত, সমৃদ্ধ আৰু শিক্ষিত কৰাৰ সংকল্প লৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নেতৃত্বত অসম সমৃদ্ধিৰ দিশে আগুৱাইছে। এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আজি লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বিশাল জনসভাত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। আগন্তুক সময়ত অসম দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্যত পৰিণত হব বুলিও তেওঁ কয়। কংগ্রেছ দল ক্ষমতালৈ আহিলে মুছলিম ল বৰ্ড প্ৰতিষ্ঠা কৰিম বুলি কৈ থকাৰ সময়ত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ প্ৰতিৰোধৰ হকে কাম কৰা বুলি তেওঁ মুখ্যমন্ত্রীৰ শলাগ লয়। অসমৰ হিংসাজৰ্জৰ পৰিবেশ দূৰ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় কংগ্রেছে অসমৰ প্ৰতি বহু অন্যায় কৰিছিল। যুৱ সমাজৰ আশা কংগ্রেছে পূৰণ কৰিব নোৱাৰিলে বুলিও গৃহমন্ত্ৰীজনে কংগ্রেছক সমালোচনা কৰি ৰাজ্যখনৰ এনে পৰিবেশ দূৰ কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্রী ৰ শলাগ লয়। সভাখনত ভাষণ দি মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যখনক আগুৱাই নিবলৈ তেওঁ কৰা নিৰন্তৰ প্ৰয়াসৰ কথা কয়। তেওঁ প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ প্ৰতি দেখুওৱা গুৰুত্বৰ কথা সদৰী কৰে। তেওঁ কয় অসমৰ কাজিৰঙাত কোনো প্ৰধানমন্ত্ৰী আহি নৈশ যাপন কৰা নাছিল। কিন্তু নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰাৰ লগতে নৈশ যাপন কৰি কাজিৰঙাক বিশ্বৰ আগত চিনাকি কৰি দিলে। অসমৰ স্বাভিমান গামোচাকো তেওঁ বিশ্বদৰবাৰত চিনাকি কৰি দিয়াৰ কথা কয় মুখ্যমন্ত্রীগৰাকীয়ে। মোদীৰ নেতৃত্বত অসম ভালকৈ চলিব বুলি প্ৰত্যয় প্ৰকাশ কৰি তেওঁ অসম বিকাশৰ পথেৰে যাব বুলি কয়। ৰেচন কাৰ্ডৰ পৰা বিভিন্ন আঁচনিৰ সুফলৰ বিষয়ে চমু ভাষণ দি মুখ্যমন্ত্রীগৰাকীয়ে কন্যা সন্তানৰ পঢ়াৰ দায়িত্ব আমাৰ বুলি কয়। চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে সেয়া আখৰে আখৰে পালন কৰা হব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সজোৰে পুনৰ প্ৰকাশ কৰি মোদীক তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আনিবলৈ ৰাইজক আহ্বান জনায়। তাৰ বাবে লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থী প্ৰদান বৰুৱাক বিপুল ভোটত বিজয়ী কৰাবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
প্ৰেৰক জীৱন গোস্বামী