নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীক দক্ষিণ–পূব এছিয়াৰ ‘ষ্টার্ট আপ কেপিটেল’ কৰাৰ প্রতিশ্রুতি

বৰপেটাৰোডত অন্তিম নির্বাচনী সভা সম্বোধন অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ প্রাক্ক্ষণত আজি সৰভোগ সমষ্টিৰ বৰপেটাৰোড ষ্টেডিয়ামত অন্তিমখন নির্বাচনী সভাত অংশগ্রহণ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ সমষ্টিটোৰ মিত্রজোঁটৰ প্রার্থী শংকৰ চন্দ্র দাসৰ হৈ নির্বাচনী প্রচাৰ চলাই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আগন্তুক পাঁচ বছৰত অসমক বানপানীমুক্ত কৰাৰ আশ্বাস প্রদান কৰে৷ বিগত পাঁচ বছৰীয়া কার্যকালত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে তেওঁ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ এই প্রসংগতে তেওঁ কয়– কংগ্রেছ আৰু এআইইউডিএফৰ মহাজোঁটৰ অসমৰ বিকাশৰ বাবে কোনো এজেণ্ডা নাই৷ পাঁচ বছৰ পূর্বে মই অসমলৈ আহি বিজেপিৰ হাতত তথা প্রধানমন্ত্রী মোদীৰ হাতত অসমখন গতাই দিবলৈ আহ্বান জনাইছিলোঁ৷ আমি আন্দোলনমুক্ত আৰু আতংকবাদমুক্ত অসম গঢ়াৰ আশ্বাস দিছিলোঁ৷ পাঁচ বছৰত অসমত এটাও আন্দোলন হৈছে নেকি? অসমত আতংকবাদ আৰম্ভ হৈছে নেকি? কংগ্রেছ দলৰ নীতি হৈছে বিভাজনেৰে ৰাজত্ব কৰা৷ কিন্তু বিজেপিয়ে প্রধানমন্ত্রী মোদীৰ সবকা সাথ সবকা বিশ্বাস আৰু সবকা বিশ্বাস নীতিৰে আগবাঢ়িছে৷ ইয়াৰ বাবে পাঁচ বছৰত এবাৰো আন্দোলন হোৱা নাই৷ বড়োলেণ্ড চুক্তি স্বাক্ষৰিত হ’ল৷ কার্বি আংলঙত শান্তি চুক্তি স্বাক্ষৰিত হ’ল৷ দুহাজাৰতকৈ অধিক যুৱকে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ অসমত শান্তি প্রতিষ্ঠা হৈছে আৰু শান্তি য’ত আছে তাতেই বিকাশ আছে৷

ইফালে, ইতিমধ্যে অনুষ্ঠিত দুটা পর্যায়ৰ ভোটগ্রহণত বিজেপিয়ে চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় আসন লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যত পুনৰ সংখ্যাগৰিষ্ঠতাৰে বিজেপি চৰকাৰ হ’ব৷ অসমৰ লগতে পশ্চিমবংগতো নির্বাচন অনুষ্ঠিত হৈছে৷ পশ্চিমবংগৰ নির্বাচনত ২০০তকৈও অধিক আসনেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ বংগত মমতা দিদি যাব আৰু বিজেপি শাসনলৈ আহিব৷ ভাষণৰ আৰম্ভণিতে অম্বিকাগিৰী ৰায়চৌধুৰীক স্মৰণ কৰি তেওঁ বৰপেটাক সত্রৰ পীঠস্থান বুলি উল্লেখ কৰে৷ সৰভোগত দুগ্ধ উন্নয়নৰ বাবে আমূলৰ সৈতে মিলি বিশেষ দুগ্ধ উদ্যোগ স্থাপন কৰিব বুলিও তেওঁ আশ্বাস দিয়ে৷

বানমুক্ত অসম গঢ়াৰ বাবে ইতিমধ্যে চৰকাৰে সমীক্ষাৰ কাম আৰম্ভ কৰিছে বুলি উল্লেখ কৰি শ্বাহে কয়– বানমুক্ত অসম কংগ্রেছে কেতিয়াও গঢ়িব নোৱাৰে৷ কিয়নো ৰাহুল গান্ধী পর্যটকৰ দৰে অসমলৈ আহে৷ ৰাহুল গান্ধীৰ বিকাশৰ কোনো ভিজন নাই৷ বানমুক্ত অসম কেৱল প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাইহে গঢ়িব পাৰিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰঞ্জিত দাসৰ ত্রিমূর্তিয়ে অসমক বিকাশৰ পথেৰে লৈ গৈছে৷ অসমৰ বাঁহৰ উৎপাদনৰ পৰা কাগজ নির্মাণ কৰি ভাৰতক কাগজ উৎপাদনৰ ক্ষেত্রত আত্মনির্ভৰশীল কৰি তোলা হ’ব৷ বন্ধ হৈ থকা কাগজ কল, সাৰ কাৰখানা বিজেপি চৰকাৰে পুনৰ আৰম্ভ কৰিব৷ গাঁওসমূহক আদর্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব৷

ডাবল ইঞ্জিনৰ চৰকাৰে অসমক বিকাশৰ দিশে আগবঢ়াই নিয়া বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে অসমৰ বিকাশৰ বাবে সংকল্পপত্রত বিজেপিয়ে নিজৰ স্থিতি প্রকাশ কৰিছে৷ তদুপৰি গুৱাহাটীক উত্তৰ–পূব আৰু দক্ষিণ–পূব এছিয়াৰ ভিতৰত ষ্টার্ট আপ কেপিটেল হিচাপে গঢ়ি তোলা হ’ব বুলিও সভাত আশ্বাস দিয়ে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ সভাত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে গোসাঁইগাঁও, কোকৰাঝাৰ পূব আৰু পশ্চিম সমষ্টি তেওঁলোকে লাভ কৰিব৷ আন জনগোষ্ঠীৰ লগতে সৰভোগত সংখ্যালঘু সম্প্রদায়ৰ ২০ সহস্রাধিক ভোট বিজেপিয়ে লাভ কৰিব৷ আজিৰ সভাত ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিং, বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক দিলীপ শইকীয়া আদি উপস্থিত থাকে৷

You might also like