🔹 দিল্লীত আলফা-চৰকাৰৰ ঐতিহাসিক শান্তি চুক্তি
বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰ : ১২ বছৰীয়া আলোচনা প্ৰক্ৰিয়াৰ আজি সফল পৰিসমাপ্তি ঘটাই দিল্লীত আলফা-চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ লগে লগে ইতিহাস ৰচনা হ’ল দিল্লীত। দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফা নেতৃত্বৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰিত হয়। এই শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চুক্তিত সন্নিৱিষ্ট সকলোখিনি নিৰ্ধাৰিত সময়ত আখৰে আখৰে পালন কৰা। চুক্তিত সন্নিৱিষ্ট ফুলষ্টপ-কমা পৰ্যন্ত নিৰ্ধাৰিত সময়ত আখৰে আখৰে পালন কৰা হ’ব। এই শান্তি চুক্তি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহুত মহত্ত্বপূৰ্ণ বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসমলৈ বিশেষ অৰ্থনৈতিক পেকেজকে ধৰি অসমৰ বিকাশৰ বাবে বিভিন্ন প্ৰকল্পৰ অনুমোদন জনোৱা বুলিও অমিত শ্বাহে মন্তব্য কৰে।