নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ মেত ৫০ হাজাৰক নিযুক্তি প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ১১ মেত ৫০ হাজাৰক নিযুক্তি প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 
  • আত্মসহায়ক গোটৰ মহিলাৰ ব্যক্তিগত একাউণ্টত ১০ হাজাৰকৈ ধন!
  • অৰুনোদয় আঁচনি ১৪০০ বৃদ্ধি!
  • ২ লাখ যুৱক-যুৱতীক ২ লাখকৈ টকা!
  • বিজেপি যিমানেই শক্তিশালী হব,অসম ভাৰত সিমানেই আগুৱাই যাবঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১১এপ্ৰিলঃ দেশৰ কোনো গৃহমন্ত্ৰী আজিলৈ চীন সীমান্তত নিশা থকা নাছিল।এইবাৰ অমিত শ্বাহে নিশা চীন সীমান্তবৰ্তী গাওঁত থাকি এক ইঞ্চি মাটি কোনো দেশকে এৰি দিয়া নহব বুলি ঘোষণা কৰিলে।

অহা ১১ মে’ত ৰাজ্যৰ ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি দিয়াৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে – এই ভাষ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ডিব্ৰুগড়ত আজি বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ শিলান্যাস অনুষ্ঠানৰ এক জনসভাত মুখ্যমন্ত্ৰীয়ে কয় যে বিহুক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে।অহা ১৪ এপ্ৰিলত বিহুক, বিশ্ব ৰেকৰ্ডৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে সকলো ৰাইজৰ আৰ্শীবাদ বিচাৰি সকলোকে টিভিত সমগ্ৰ অনুষ্ঠান উপভোগ কৰিবলৈকো আহবান জনায় কয় যে এইবাৰ বাজেটত ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাৰ ব্যক্তিগত একাউণ্টত ১০ হাজাৰকৈ ধন ভৰাই দিয়াৰ লগতে অৰুনোদয় আঁচনি ১৪০০ টকালৈ বৃদ্ধি কৰা হৈছে।আনহাতে ২ লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ কাৰনে ২ লাখকৈ টকা প্ৰদান কৰা হব বুলিও সদৰী কৰে।বিজেপি যিমানেই শক্তিশালী হব,অসম আৰু ভাৰত সিমানেই আগুৱাই যাব।উজনিৰ ডিব্ৰুগড়ত নিৰ্মান হব লগা বিজেপিৰ আঞ্চলিক কাৰ্যালয় উজনিৰ মূখ্য কাৰ্যালয়ৰূপে পৰিগণিত হব।এই কাৰ্যালয়ৰ পৰাই ৬ টা সংসদীয় সমষ্টিৰ সকলো কাৰ্যক্ৰমনিকাৰ ওপৰত দৃষ্টি ৰখাৰ লগতে জনগণৰ বাবেও বহু সুবিধা হব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।গুৱাহাটীৰ দৰেই ডিব্ৰুগড়তো বিজেপিৰ কাযালয় নিমান কৰা হব।অহা ১৮ মাহৰ ভিতৰতে নিমান সম্পূৰ্ণ হৈ উঠাৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু ২২ কাৰ্যালয় নিৰ্মান হৈ উঠাৰ লগতে আন ৭ টা কাৰ্ষালয় নিৰ্মান আৰু ২০০ মণ্ডল পৰ্যায়ৰ কাৰ্যালয় নিমান লোকসভা নিৰ্বাচনৰ পূবে সম্পূৰ্ণ কৰি তোলা হব বুলি সদৰী কৰে।

আজিৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল,ৰামেশ্বৰ তেলী,ৰাজ্যিক সভাপতি ভবেশ কলিতা,ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মা,মন্ত্ৰী বিমল বৰা,অজন্তা নেওগ সহ সাংসদ দলীয় বিষয়ববীয়া উপস্থিত থাকে।সভাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মনোহাৰী ৰিৰ্জটত দুপৰীয়া আহাৰ গ্ৰহণ কৰি দিল্লীলৈ ৰাওনা হয়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like