নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-নিৰ্বাচনত টিকটবঞ্চিত অমিয়কান্তি দাসৰ বিজেপি ত্যাগ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : ধলাই উপ-নিৰ্বাচনত টিকট নোপোৱাত কালি নিশাৰ ভাগত বিজেপিৰ পৰা পদত্যাগ কৰে অমিয় কান্তি দাসে। তেওঁ বিজেপিৰ কাছাৰ জিলা সমিতিৰ উপ সভাপতি আৰু সাধাৰণ সদস্যৰ পৰা পদত্যাগ কৰে। অসম ৰাজ্যিক সভাপতি ভবেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে তেওঁ। বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছতেই তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ ক্ষোভ প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়া আৰু সাংবাদিকৰ আগত নাম নকলেও সাংসদ পৰিমল শুক্লবৈদ্যৰ বাবে তেওঁ ধলাই বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ টিকিটৰ পৰা বঞ্চিত হৈছে বুলি ইঙ্গিত দিয়ে। তেওঁ কয়, ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া আদৰ্শত বিশ্বাস নকৰে, ব্যক্তিগত স্বাৰ্থতহে বিশ্বাস কৰে। ধলাইৰ প্ৰাৰ্থী নিৰ্বাচনত পুনৰ সেয়াই প্ৰমাণিত হ’ল। এইবাৰৰ পাৰ্টিৰ টিকট এজন ব্যক্তিৰ ইচ্ছামতে দিয়া হৈছে। মানুহজনৰ ভৰি চেলেকিব পৰা নাছিলোঁ, গতিকে টিকট নাপালোঁ। দলত এতিয়া গণতন্ত্ৰ নাই, ব্যক্তিগত স্বাৰ্থ প্ৰতিষ্ঠা কৰিবলৈ ধলাইৰ নেতাই নিজৰ প্ৰিয় প্ৰাৰ্থীৰ নাম পেনেলত পঠিয়াইছিল। প্ৰায় দুই লাখ ভোটাৰৰ ভিতৰত এজনো তেওঁ ভাল নেতা বিচাৰি নেপালে। তেওঁৰ প্ৰতি আনুগত্যশীল ব্যক্তিক সমষ্টিৰ বাহিৰৰ পৰা আমদানি কৰিব লগা হৈছিল। ইয়াৰ বাবে ধলাইৰ বিজেপি কৰ্মীক প্ৰত্যক্ষ অপমান, ধলাইৰ সকলো ভোটাৰক অপমান কৰা হৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like