নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : চিৰাং আৰক্ষীয়ে আজি পুৱা এক অভিযানত অবৈধ মাৰণাস্ত্ৰ আৰু সকৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিদলী থানাৰ অন্তৰ্গত উত্তৰ ইছলাকাটা গাঁৱৰ বাসিন্দা তথা প্ৰয়াত উদয় বসুমতাৰীৰ পুত্ৰ কমল বসুমতাৰীৰ বাসগৃহ সংলগ্ন তামোল বাগিছাত তালাচী অভিযান চলাই এটা ৭.৬৫ এম এমৰ পিষ্টল, ১২ জাঁই ৭.৬৫ এম এম আৰু ৮ জাঁই ৭.৬২×৩৬ এম এম সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এটা ৰেইন কোটত মেৰিয়াই গাঁতত পুতি ৰখা অৱস্থাত মাৰণাস্ত্ৰ আৰু গুলী সমূহ উদ্ধাৰ কৰে। চিৰাং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি কমল বসুমতাৰীক গ্ৰেপ্তাৰ কৰে। অধিক তথ্যৰ বাবে চিৰাং আৰক্ষীয়ে ধৃত বসুমতাৰীক সোধাপোছা কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ৰুণিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গৰুভাসা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে চিৰাং আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলে আজি পুৱতিনিশাৰ পৰাই মাৰণাস্ত্ৰ উদ্ধাৰ অভিযানটোত নামি পৰিছিল।
প্ৰেৰক বিপুল কুমাৰ দাস