নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : শোণিতপুৰত ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত উদমাৰী গাঁও পঞ্চায়তত আজি “মোৰ মাটি মোৰ দেশ ” শীৰ্ষক অনুষ্ঠানৰ অংশ হিচাপে “অমৃত কলহ যাত্ৰা” কাৰ্যসূচী সম্পন্ন হয় । উদমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা সেন ডেকাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কাৰ্যসূচীত পঞ্চায়ত এলেকাৰ সহস্ৰাধিক পুৰুষ-মহিলা, আত্মসহায়ক গোটৰ মহিলা, দলীয় কাৰ্যকৰ্তাসকলে পঞ্চায়তৰ পৰা বালিপৰা চেন্টাৰলৈ এক বিশাল ৰেলী উলিয়ায় ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম