নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত স্বাধীনতাৰ অমৃত মহোৎসৱ সম্পন্নঃ ব্ৰিটিছসকলে যেতিয়া কাপোৰ পিন্ধিবলৈ শিকা নাছিল, সেই সময়ত আমাৰ দেশত বিশ্ববিদ্যালয় আছিলঃ ড° সৌমিত্ৰ পূজাৰী

নিয়মীয়া বাৰ্তা, ৩ মে : দেশ স্বাধীনতাৰ ৭৫ সংখ্যক স্বৰাজৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি মাজুলীত বিশিষ্ট ব্যক্তিৰ সংঘ পৰিচয় বৰ্গ আৰু বক্তা প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হয় ৷ মেৰাগড় নাৰায়নদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই গ্ৰাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্ধোধন কৰে মাজুলীৰ জেষ্ঠ সাংবাদিক ,মাজুলী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা বিপিন শইকীয়াই ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাজুলীৰ কাৰ্যবাহ ত্ৰিণয়ন দত্তই আঁট ধৰা সভাখন সঞ্চালনা কৰে বিদ্যালয়ৰ অধ্যক্ষ তথা মাজুলীৰ ৭৫ সংখ্যক স্বৰাজ উদযাপন সমিতিৰ সংযোজক তিলক চন্দ্ৰ শৰ্মাই ৷ মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা শিক্ষাবিদ , বিজ্ঞ সকলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিশিষ্ট ব্যক্তিৰ সংঘ পৰিচয় বৰ্গত ভাষন প্ৰদান কৰি আৰ এছ এছৰ প্ৰান্তীয় সম্পৰ্ক প্ৰমুখ তথা যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা ড° সৌমিত্ৰ পুজাৰীয়ে ১৯২৫ চনতেই জন্ম লাভ কৰা বিশ্বৰ বৃহৎ অৰাজনৈতিক সংস্থা আৰ এছ এছৰ জন্মদানা ডা° কেশৱ বলিৰাম হেডগোৱাৰৰ দেশ প্ৰেম , স্বাধীনতা আন্দোলনৰ সময়ত সংঘই কৰা কৰ্মৰাজী , দেশত সংঘৰ চিন্তন , সমগ্ৰ বিশ্বৰ পেক্ষাপতত আৰ এছ এছৰ গুৰুত্ব , আজি ৯৮ বছৰে সংঘই দেশৰ বাবে কৰা কামৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ স্বদেশ প্ৰেম জাগ্ৰত কৰাত সংঘই নিৰলস ভাৱে স্বয়ংসেৱক তৈয়াৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি সংঘই এজন ব্যক্তিৰ শাৰীৰিক , মানসিক , বৌদ্ধিক আৰু আধ্যাত্মিক দিশ বিকাশ কৰাৰ লগতে এজন সচা অৰ্থৰ স্বদেশপ্ৰেমী গঢ় দিয়াত গুৰুত্ব দিয়ে বুলি মন্তব্য কৰে ৷ দুটাকৈ সত্ৰত অনুষ্ঠিত হোৱা গ্ৰাম্ভিৰ্যপূৰ্ণ কাৰ্যসূচীৰ দ্বিতীয় সত্ৰত অনুষ্ঠিত বক্তা প্ৰশিক্ষণ কাৰ্যসুচীত বক্তব্য ৰাখি পুজাৰীয়ে স্বাধীনতা সংগ্ৰামৰ লগত জড়িত সংগ্ৰামী সকলৰ ২৫ শতাংশৰ কথাহে আজিৰ ছাত্ৰছাত্ৰীয়ে জানে ৭৫ শতাংশ সংগ্ৰামীৰ নাম আজিও জানিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰি এই ৭৫ সংখ্যক স্বাধীনতা স্বৰাজৰ এই সময় চোৱাত দেশৰ চুকে কোনে সিচৰিত হৈ থকা স্বাধীনতা সংগ্ৰামী সকলৰ কথা আমি উত্তৰ পুৰুষক জ্ঞাত কৰিব লাগিব বুলি মন্তব্য কৰে। কেৱল অসযোগ আন্দোলন , ভাৰত ত্যাগ আন্দোলন, স্বদেশী আন্দোলনেই নহয় দেশ স্বাধীনতাৰ বাবে কৃষক সকলে কৰা আন্দোলন , জনজাতি সকলে কৰা আন্দোলন, সুভাষ চন্দ্ৰ বসু , গোমধৰ কুঁৱৰ , পীয়লি বৰফুকন , কুশল কুঁৱৰ , কনকলতা, সত্ৰাধিকাৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামীয়ে চলোৱা স্বাধীনতা আন্দোলনৰ কথাও দেশবাসীয়ে জানিব লাগিব ৷ কেৱল জাতীয় কংগ্ৰেছেই কিয় স্বাধীনতাৰ বাবে চৰম পন্থা , নৰম পন্থা লোৱা সকলো স্বাধীনতা সংগ্ৰামীৰ নাম আমাৰ ছাত্ৰছাত্ৰীয়ে জানিব লাগিব আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সেই কামেই কৰিছে বুলি মন্তব্য কৰে ৷ ভাষত বিশিষ্ট বক্তা গৰাকীয়ে উল্লেখ কৰি কয় বৃটিছ সকলে যেতিয়া কাপোৰ পিন্ধিবলৈ শিকা নাছিল সেই সময়ত হিন্দুঃস্থানৰ বিক্ৰম শিলা , তক্ষশিলা , নালন্দা বিশ্ববিদ্যালয়ত পঢ়িবলৈ বিদেশৰ পৰা হিউৱেন চাংৰ দৰে হাজাৰ হাজাৰ ছাত্ৰছাত্ৰী আমাৰ দেশলৈ আহিছিল কিন্তু ২০০ বছৰ আমাক বস কৰি ইংৰাজ সকলে আমাৰ ইতিহাস বিক্ৰীত কৰি আমাৰ গৌৰৱময় সভ্যতাত পশ্চিমৰ সংস্কৃতিৰে আমাৰ মগজু বিকাৰ গ্ৰস্ত কৰি তুলিলে ৷ ইংৰাজী শিক্ষাৰ মাধ্যমেৰে আমাৰ শিক্ষা ব্যৱস্থাই সলনি কৰি দেশখন পংগু কৰিলে ৷ আৰু দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক সময়ত আমি আমাৰ সভ্যতা, আমাৰ সংস্কৃতি , আমাৰ পৰম বৈভৱ চিন্তা বিশ্বক জনাব লাগিব ৷ আনহাতে আৰ এছ এছৰ সম্পৰ্কে কয় যে সংঘই কোনে হিন্দুক পতিত বুলি নাভাৱে , সংঘত অস্পৃশ্যতা নাই ৷ হিন্দু এক জীৱন পদ্ধতি , সনাতনি পৰম্পৰা মানি চলা সকলো লোকেই হিন্দু উপাসনা পদ্ধতি সলনি হলেও সনাতনি সত্বাই আমাক এক কৰি ৰাখিছে ৷ হিন্দু এটা ধৰ্ম নহয় ই মানুহৰ জীৱন ধাৰন পদ্ধতিহে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড° সৌমিত্ৰ পুজাৰীয়ে ৷ মাজুলী জিলা ৭৫ সংখ্যক স্বৰাজ উদযাপন সমিতি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত সংঘৰ মাজুলীৰ সংঘ চালক দ্বীপেন হাজৰিকাই দেশৰ ঐতিহ্য , পৰম্পৰা , দেশৰ স্বাভিমান সম্পকে বক্তব্য প্ৰদান কৰে ৷ শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই ৷ সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰী সকলৰ সমবেত সংগীত , সভাৰ মাজে মাজে ছাত্ৰী সকলে পৰিৱেশন কৰা গীতে সভাৰ মান বৃদ্ধি কৰে ৷ সভাখনত মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like