নিয়মীয়া বাৰ্তা ৬ জুনঃ আমচৈ অঞ্চলৰ পৰা বর্হিৰাজ্যলৈ কাম কৰিবলৈ যোৱা সকলৰ ভিতৰত ১৫ গৰাকী যুৱক এতিয়ালৈকে অসমলৈ উভতি আহিছে। এওঁলোক বিভিন্ন ঠাইত ৭দিন কোৱাৰেণ্টাইনত থকাৰ পিছত পুনৰ ৭দিন হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ লৈ ঘৰলৈ উভতি আহিছে। এওঁলোক উভতি অহাৰ পিছত হোম কোৱাৰেণ্টাইনৰ সুবিধা নথকা সকলৰ বাবে আমচৈ গাঁও পঞ্চায়তৰ ৭ জনীয়া কর্মী বাহিনীয়ে এওঁলোকৰ বাবে বেলতলা প্ৰাথমিক বিদ্যালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে। এওঁলোকৰ ভিতৰত ২ জনে ৭ দিন কোৱাৰেণ্টাইন হৈ ঘৰলৈ গুচি গৈছে। বৰ্তমান ৫ গৰাকীয়ে নিজ গৃহত কোৱাৰেণ্টাইনত আছে। বাকীসকল বেলতলা প্ৰাথমিক বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত আছে। আমচৈ গাঁও পঞ্চায়ত কর্মী বাহিনীৰ অধ্যক্ষ প্রদীপ পালৰ পৰা জানিব পৰা মতে বিদ্যালয়খনত বিদ্যুৎ যোগান, পানী ব্যৱস্থা, শৌচাগাৰ নথকাৰ বাবে কর্মী বাহিনীয়ে যথেষ্ট অসুবিধাত পৰিব লগীয়া হৈছে। এওঁলোকৰ বাবে অসম চৰকাৰে অন্যান্য সা-সুবিধাবোৰ সঠিকভাৱেই প্ৰদান কৰি আছে বুলি স্থানীয় চৰকাৰী গাঁওবুঢ়া অৰুণাভ নায়কৰ পৰা জানিব পৰা গৈছে।