নিয়মীয়া বাৰ্তা,৩১ জুলাইঃ আমচৈ অঞ্চলৰ বেলতলা, খোৱাপাৰা আদি গাঁৱত তিনিটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ মাজতে ৩০ জুলাইৰ নিশা আন এজাক বনৰীয়া হাতী আহি উপস্থিত হৈছে দাপনিবড়ী অঞ্চলৰ নতুন ভলুকাগুৰি গাঁৱৰ দক্ষিণ দিশত থকা খোলাহাট বনাঞ্চলত। প্রত্যক্ষ দর্শী সকলৰ মতে এই বনৰীয়া হাতীৰ দলটোত সৰু সৰু পোৱালি হাতীও আছে। এই বনৰীয়া হাতীৰ জাকটোৰ উপস্থিতিয়ে আমচৈ অঞ্চলৰ মানুহৰ আমচৈ বন পথেদি অহা যোৱা কৰাটো সমস্যাৰ সৃষ্টি কৰিছে । কাৰণ হাতীৰ জাকটো বৰ্তমান স্থিতি লৈ থকা বনাঞ্চলৰ মাজেৰেই এই পথটো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ স্থাপন কৰিছে।