নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আমচৈ কেন্দ্ৰৰ ফলাফলৰ হাৰ ৬২.১৮ শতাংশ

নিয়মীয়া বাৰ্তা ৬ মেঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আমচৈ পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হোৱা ২০১ গৰাকী ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত ১২৫ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ইয়াৰ ১৪ গৰাকী প্রথম বিভাগ, ৩২ গৰাকী দ্বিতীয় বিভাগ আৰু ৭৯ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। এই পৰীক্ষা কেন্দ্ৰৰ সচিব তথা আমচৈ হাইস্কুলৰ ভাৰপ্রাপ্ত প্রধান শিক্ষক ৰঞ্জিত শইকীয়াৰ পৰা জানিব পৰা মতে উত্তীৰ্ণৰ হাৰ ৬২. ১৮ শতাংশ। আমচৈ পৰীক্ষা কেন্দ্ৰত আমচৈ হাইস্কুল, দাপনিবড়ী হাইস্কুল, নকুছি হাইস্কুল, আমচৈ শঙ্কৰদেৱ বিদ্যা নিকেতন আৰু চেইণ্ট ভিনচেণ্ট হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকল এই পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আমচৈ হাইস্কুলৰ ৮৫ গৰাকীৰ ভিতৰত ৪৮,দাপনিবড়ী হাইস্কুলৰ ৫৩ গৰাকীৰ ২৪ , নকুছি হাইস্কুলৰ ৩৬ গৰাকীৰ ২৮ গৰাকী, শঙ্কৰদেৱ বিদ্যা নিকেতনৰ ১৩ গৰাকীৰ ১২ গৰাকী আৰু চেইণ্ট ভিনচেণ্ট হাইস্কুলৰ ১৪ গৰাকীৰ ভিতৰত ১৩ গৰাকী উত্তীৰ্ণ হয়।

You might also like