নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা কেতবোৰ অপৰাধজনিত কাণ্ডই চিন্তিত কৰিছে সচেতন মহলক | বিশেষকৈ দিনকদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতন, হত্যা আদিয়ে সচকিত কৰিছে সকলোকে | গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলাত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ এক নিৰ্দেশ মৰ্মে গোৱালপাৰা জিলা আমছুৰ উদ্যোগত আৰু শিমলীতোলা আঞ্চলিক আমছুৰ সহযোগত ৰাজ্যৰ বিভিন্ন স্থানত নাৰী নিৰ্যাতনৰ লগতে শেহতীয়াকৈ সংঘটিত ধিং কাণ্ডৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিওৱা হয়। জিলাখনৰ নৱাগত শিমলীতোলা বজাৰৰ মাজমজিয়াৰে মাটিয়া-নগৰবেৰা সংযোগী ৰাজপথলৈ কেইবাশ আমছু সদস্যই হাতে হাতে প্লে-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ প্ৰতিবাদী সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধৰ্ষণকাৰীক ফাঁচী দিয়ক, নাৰীক সুৰক্ষা দিয়ক আদি বিভিন্ন শ্লোগানৰে আকাশ-বতাহ কঁপাই তোলে ৷ অপৰাধজনিত ঘটনাৰে জড়িত অপৰাধীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস