নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰংগিৰিত দলঙৰ ৰেলিঙত খুন্দিয়াই পানীত পৰিল ৰোগীসহ এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ২০ জুনঃ গোৱালপাৰা দৰংগিৰিৰ কাচাদলত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰংজুলি থানাৰ অন্তৰ্গত কাচাদলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দলঙৰ ৰেলিং ভাঙি পানীত পৰিল ৰোগী কঢ়িওৱা এখন এম্বুলেঞ্চ৷ ঘটনাস্থলীতে এম্বুলেঞ্চ বাহনত থকা মনোমতী বসুমতাৰী নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন চাৰিজন ব্যক্তি গুৰুত্বৰভাৱে আহত হয়৷ জানিব পৰা মতে গোৱালপাৰাত চিকিৎসাধীন অৱস্থাত থকা কিংকঙ বসুমতাৰী নামৰ এজন যুৱকক গোৱালপাৰাৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ গৈ থকাৰ সময়তে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা কাচাদলৰ দলং এখনত দুৰ্ঘটনাত পতিত হয় এম্বুলেঞ্চ বাহনখন৷ ৰোগীগৰাকীৰ সৈতে দুগৰাকী মহিলাসহ তিনিগৰাকী আত্মীয়ই গুৱাহাটীৰ চিকিৎসালয়লৈ গৈ থকা সময়তে দুধনৈৰ নিকটৱৰ্তী কাচাদল কালী মন্দিৰৰ ওচৰত এম্বুলেঞ্চখনক এখন যাত্ৰীবাহী বাছে অভাৰটেক কৰিবলৈ লওঁতে পথৰ পৰা কিছু কাষলৈ বাহনখন চপাই দিয়াত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এখন ঠেক দলঙৰ ৰেলিঙত খুন্দা মাৰে আৰু ৰেলিং ভাঙি পানীত পৰি যায়৷ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য ইতিমধ্যে মন্দিৰৰ চিচি কেমেৰাত আৱদ্ধ হৈছে য’ত স্পষ্টকৈ দেখা যায় যে নীতি-নিয়ম নামানি তীব্ৰ গতি বেগেৰে এখন দলঙৰ ওপৰত এম্বুলেঞ্চখনক অতিক্ৰম কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে৷ এই দুৰ্ঘটনাত এম্বুলেঞ্চৰ চালকসহ চাৰিগৰাকী ব্যক্তি গুৰুত্বৰ ভাৱে আহত হয়৷ আহত ব্যক্তিকেইগৰাকীক লগে লগে দুধনৈ এফআৰইউত (FRU) ভৰ্তি কৰোৱা হয় ৷ আহত ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে ধনুভাঙাৰ লেটকুপাৰাৰ ৰোগী কিংকং বসুমতাৰী, মোহন বসুমতাৰী, বাসন্তী ব্ৰহ্ম চৌধুৰী আৰু গোৱালপাৰা চহৰৰ চাজিদুল ইছলাম এম্বুলেঞ্চ চালক৷ দুৰ্ঘটনাগ্ৰস্ত এম্বুলেঞ্চখনৰ নম্বৰ AS-16B-4522 ! উল্লেখ্য যে চাৰিলেন যুক্ত পথৰ কাম চলি থকা বাবে দুৰ্ঘটনা হোৱা দলংখনৰ ঠাইখনি প্ৰয়োজনতকৈ ঠেক আছিল৷ ঘটনা সংক্ৰান্তত গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰ্যাবেক্ষণ কৰে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like