নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰাষ্ট্ৰভক্তিৰ নামত এটি সন্ধিয়া

বিশেষ বাৰ্তা, ১৬ আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ “অন্তৰাত্মা”ৰ সৌজন্যত আৰু “মাধৱ সংস্কৃতি ন্যাস”ৰ সহযোগত নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত “ৰাষ্ট্ৰভক্তিৰ নামত এটি সন্ধিয়া” শীৰ্ষক বহুভাষিক কবি সন্মিলন এখন স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা অন্তৰাত্মা অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ তথা সত্ৰাধিকাৰ জীৱেশ্বৰ গোস্বামী তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যলয়ৰ উপাচাৰ্যৰ উপস্থিতিত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শিক্ষাবিদ-কবি টুনুৰাণী গগৈ কলিতাৰ “কৰ্মযোগীৰ জীৱন কৰ্ম আৰু প্ৰতিভাধৰ ব্যক্তিৰ গ্ৰহণযোগ্য মন্তব্য”, ‘নাৰী কি ? বিভিন্ন দিশত নাৰীৰ ভূমিকা”, “আসমীয়া সাহিত্য-সংস্কৃতিৰ সুবাস” আৰু “অক্লান্ত সাধকৰ জীৱন আৰু অৱদান”- এই ৪খন গ্ৰন্থ উন্মোচন কৰে। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাাৰ শ্বাহ আৰু নগাঁও-বটদ্ৰৱা সমষ্টিৰ স্থানীয় বিধায়ক ৰূপক শৰ্মাই অন্তৰাত্মা অনুষ্ঠানটোৰ বহুভাষিক কবি সন্মিলনত বিভিন্ন স্থানৰ পৰা অহা কবিসকলে ১৬টা ভাষাত কবিতা পাঠ কৰি স্বাধীনতা দিৱসত উৎফুল্লিত আৰু উৎসাহিত কৰি তোলা বাবে উপস্থিত কবিসকলক শুভেচ্ছা জ্ঞাপনেৰে বক্তব্য আগবঢ়াই বহুভাষিক কবি সন্মিলন আৰু অন্তৰাত্মা অনুষ্ঠানটো উজ্জীৱিত কৰি তোলে।

প্ৰেৰক কনক হাজৰিকা

You might also like