বগীনদীত অচিনাক্ত গাড়ীৰ খুন্দাত পাচলি ব্যৱসায়ীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : বছৰটোৰ অন্তিম দিনটোত এগৰাকী ক্ষুদ্ৰ পাচলি ব্যৱসায়ী অচিনাক্ত গাড়ীৰ খুন্দাত মৃত্যু হোৱা মৰ্মান্তিক ঘটনাই সমগ্ৰ বগীনদীতে শোকৰ ছাঁ পৰিছে। মৃত ব্যৱসায়ীগৰাকী হৈছে বগীনদী থানাৰ অন্তৰ্গত জৰাধৰীয়া গাঁৱৰ প্ৰয়াত অকনি বৰুৱাৰ পুত্ৰ সুশীল বৰুৱা (৫৮)। ঘটনাৰ বিবৰণী মতে বজাৰে বজাৰে পাচলি বিক্ৰী কৰা ব্যৱসায়ীগৰাকীয়ে আজি বগীনদী মঙ্গলবৰীয়া সাপ্তাহিক বজাৰত পুৱাই আহি শাক-পাচলি বজাৰ মেলি ব্যৱসায়ৰ বাবে টকা কম হোৱাত চাইকেলেৰে জৰাধৰীয়াৰ ঘৰলৈ গৈ থকা অৱস্থাত প্ৰায় ১১-৩০ বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কুলাবালি তিনিআলিত এখন অচিনাক্ত গাড়ীয়ে পিছফালৰ পৰা খুন্দিয়াই গুৰুতৰভাৱে আহত কৰি থৈ যায় । সংকটজনক অৱস্থাত ব্যৱসায়ীগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসা মহাবিদ্যালয়তে ব্যৱসায়ীগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
প্ৰেৰক ভূবন গৌতম