নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিৱসত আনন্দৰাম বৰুৱাক সোঁৱৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২১ মে: প্ৰথমগৰাকী অসমীয়া প্ৰশাসনিক বিষয়া (আই.চি.এছ), প্ৰথম গ্ৰেজুৱেট আৰু অধিবক্তা আনন্দৰাম বৰুৱাৰ আজি জন্মজয়ন্তী।

ইপিনে আজি বিদগ্ধ পণ্ডিতগৰাকীৰ জন্মদিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে শ্ৰদ্ধা জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটত লিখিছে, “অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট, অধিবক্তা তথা প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া (আই. চি. এছ.) আনন্দৰাম বৰুৱা আছিল বিশ্বৰ বিদ্বৎ সমাজৰ দ্বাৰা সমাদৃত সংস্কৃত ভাষাৰো এগৰাকী বিদগ্ধ পণ্ডিত। আজি পৱিত্ৰ জন্মদিৱসৰ দিনা এইগৰাকী বৰেণ্য ব্যক্তিত্বক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।”

উল্লেখ্য যে প্ৰতিবছৰে অসম চৰকাৰে এইগৰাকী বিদগ্ধ পণ্ডিতৰ সন্মানৰ্থে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে। এই বঁটা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয়।

You might also like