নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগৰ সঞ্চালক অনন্তলাল জ্ঞানীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়ঃ কৃষি বিভাগৰ পৰা বদলি অথবা নিলম্বনৰ নির্দেশ

  • অতিৰিক্ত মুখ্য সচিবলৈ নির্দেশ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ৫ মে’: কৃষি বিভাগৰ সঞ্চালক অনন্তলাল জ্ঞানীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ আদালত অৱমাননাৰ অভিযোগত আজি সঞ্চালকজনক শীঘ্রে বদলি অথবা নিলম্বন কৰিবলৈ অতিৰিক্ত মুখ্য সচিবক উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷ উল্লেখ্য যে বিশ্ব বেংকৰ এটা পুঁজিৰ প্রকল্পৰ অধীনত সামগ্রী যোগানত নিবিদা আহ্বান কৰিছিল কৃষি বিভাগে৷ এই নিবিদাত অংশগ্রহণকাৰী প্রতিষ্ঠানৰ টার্নভাৰ ৪ কোটি অথবা তাৰ অধিক হ’ব লাগিব বুলি চর্ত আৰোপ কৰিছিল, যাৰ বাবে বহু ঠিকাদাৰ নিবিদাৰ পৰা বঞ্চিত হৈছিল৷ বিষয়টো সন্দর্ভত উচ্চ ন্যায়ালয়ত দাখিল হোৱা এখন আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে কৃষি বিভাগক নিবিদা গ্রহণৰ অনুমতি দিছিল যদিও চূড়ান্ত সিদ্ধান্ত নোহোৱা পর্যন্ত কামৰ আবণ্টনত স্থগিতাদেশ জাৰি কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ এই স্থগিতাদেশ অমান্য কৰি সঞ্চালক অনন্ত জ্ঞানীয়ে যোৱা ৬ এপ্রিলত সামগ্রী যোগানৰ ঠিকাৰ কাম আবণ্টন দিয়ে৷ কৃষি সঞ্চালকজনৰ এই কামত অসন্তুষ্ট হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো সন্দর্ভত পুনৰ শুনানি গ্রহণ কৰি সঞ্চালকজনক ভর্ৎসনা কৰে৷ আনকি সঞ্চালকজনক ন্যায়ালয়ে নথিপত্র আৰু কথাৰ সামঞ্জস্যহীনতাক লৈও কথোৰ সকীয়নি দিছিল৷ বিষয়টোৰ শুনানি লৈ ন্যায়ালয়ে কৃষি সঞ্চালকজনৰ বিৰুদ্ধে কিয় আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা নহ’ব, সেই সন্দর্ভত কৈফিয়ৎসহ এসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নির্দেশ দিছিল৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঞ্জয় কুমাৰ মেধিৰ বিচাৰপীঠে শুনানি গ্রহণ কৰি স্পষ্ট কৰে যে ন্যায়ালয়ৰ নির্দেশৰ ভুল ব্যাখ্যা কৰাৰ বাবে ইয়াৰ বিৰুদ্ধে তদন্ত কৰা হওক৷ সেয়েহে এই সময়ছোৱাত অনন্তলাল জ্ঞানীক অনতিপলমে নিলম্বন অথবা বদলি কৰিবলৈ আজি ন্যায়ালয়ে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিবক নির্দেশ দিয়ে৷ তদন্ত সম্পূর্ণ নোহোৱালৈকে ন্যায়ালয়ৰ এই নির্দেশ বাহাল থাকিব বুলিও নির্দেশনাত স্পষ্ট কৰা হৈছে৷ উল্লেখ্য যে ঘটনা সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি আবেদন দাখিল কৰিছিল অনন্তলাল জ্ঞানীয়ে৷

You might also like