নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ব্রহ্মপুত্রৰ পাৰত আৱিষ্কাৰ বৌদ্ধযুগীয় প্রাচীন শিলালিপি

🔹 বিদ্যমান হৈ আছে শিলত কটা ধর্মচক্র–হাতীৰ চিহ্ণ

বিশেষ বাৰ্তা, ৩ জুন : এসময়ত সম্রাট অশোকৰ সাম্রাজ্যৰ অন্তর্ভুক্ত অবিভক্ত গোৱালপাৰা জিলা প্রত্ন সম্পদত অত্যন্ত চহকী৷ বৌদ্ধ যুগৰে পৰা গোৱালপাৰা অঞ্চলত অসংখ্য বৌদ্ধস্তূপ, সংঘাৰাম আৰু মন্দিৰ গঢ় লৈ উঠিছিল৷ প্রত্নতাত্ত্বিক অনুসন্ধান–খননত ইতিমধ্যে গোৱালপাৰাৰ বিভিন্ন ঠাইত বৌদ্ধযুগৰ অসংখ্য প্রত্ন সম্পদ উদ্ধাৰ হৈছে৷ যাৰ স্পষ্ট প্রমাণ ভাৰতৰ প্রাচীনতম বৌদ্ধ তীর্থ ৰূপে চিহ্ণিত শ্রীসূর্য পাহাৰ৷ ভাৰতীয় প্রত্নতত্ত্ব বিভাগে শ্রীসূর্য পাহাৰত বৌদ্ধ বিহাৰৰ ধ্বংসাৱশেষ–বৌদ্ধস্তূপকে ধৰি বিভিন্ন প্রত্ন সম্পদ খনন কৰি উলিয়াইছে৷ ইয়াৰ মাজতে ‘বুদ্ধ চেতনা–ভাৰত’ নামৰ সংস্থাটোৰ এটা দলে গোৱালপাৰাৰ ব্রহ্মপুত্রৰ পাৰত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে কেতবোৰ প্রাচীনতম শিলালিপি, যিবোৰ বৌদ্ধযুগীয় বুলি অনুমান কৰা হয়৷ উল্লেখ্য যে ‘বুদ্ধ চেতনা–ভাৰত’–এ দীর্ঘদিন ধৰি গোৱালপাৰা অঞ্চলত বৌদ্ধ প্রাচীন কীর্তিচিহ্ণ আৰু প্রত্ন সম্পদৰ অনুসন্ধান তথা অধ্যয়ন আৰু সংৰক্ষণৰ কাম অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ সৌম্যদ্বীপ দত্তৰ নেতৃত্বত ‘বুদ্ধ চেতনা–ভাৰত’ৰ এটা দলে ব্রহ্মপুত্রৰ পাৰত ডাঙৰ ডাঙৰ শিলত প্রাচীন বৌদ্ধ প্রতীকৰ চিহ্ণ বিচাৰি পায়৷ গোৱালপাৰা জিলাৰ এই বৌদ্ধ অঞ্চল গোৱালপাৰা জিলাৰ প্রস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ কাষতেই অৱস্থিত৷ প্রস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ পাহাৰৰ ওপৰত, অৰণ্যৰ অভ্যন্তৰত প্রাচীন মন্দিৰৰ অৱশেষ আৰু মাটিৰ তলত ইটাৰে নির্মিত ধ্বংসস্তূপ দলটোৱে প্রত্যক্ষ কৰে৷ লগতে নতুনকৈ কিছু শিলালিপি আৱিষ্কাৰ কৰে৷ হয়তো এই শিলালিপি অসমত পোৱা প্রাচীনতম শিলালিপি হ’ব পাৰে৷ এতিয়ালৈকে এই শিলালিপিৰ পাঠোদ্ধাৰ হোৱা নাই৷ এই শিলালিপিত ধর্মচক্র, হাতী ইত্যাদিৰ কটা চিহ্ণ বিদ্যমান৷ ‘বুদ্ধ চেতনা–ভাৰত’ৰ দলটোত আছিল সৌম্যদ্বীপ দত্ত, কৃপালোচন দাস, সুজন দে’, ডিম্পু দাস আৰু জ্যোতিময় কলিতা৷ দলটোৱে নতুনকৈ আৱিষ্কাৰ কৰা শিলালিপিবোৰৰ আলোকচিত্র সংগ্রহ কৰে৷ উল্লেখ্য যে গোৱালপাৰা অঞ্চলৰ বহুত প্রত্ন সম্পদ লোকচক্ষুৰ অগোচৰেই অবৈধ শিল সংগ্রহকাৰীসকলৰ হাতুৰীৰ আঘাতত ধ্বংসপ্রাপ্ত হৈছে৷ এই শিলালিপি আৰু প্রত্ন সম্পদবোৰো এইদৰে ধ্বংস হৈ যোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সেইবাবে শীঘ্রে অসম চৰকাৰে যাতে এই প্রত্ন সম্পদবোৰ সংৰক্ষণ কৰে, তাৰ বাবে ‘বুদ্ধ চেতনা–ভাৰত’ৰ তৰফৰ পৰা অনুৰোধ কৰা হৈছে৷ যোৱা ৯ মে’ত ‘বুদ্ধ চেতনা–ভাৰত’ৰ সমন্বয়ৰক্ষক নৱনীতা শর্মাই অসম ৰাজ্যিক সংগ্রহালয়ৰ সঞ্চালকক এই বিষয়ে আনুষ্ঠানিক পত্রযোগে অৱগত কৰে৷ শর্মাই আশা প্রকাশ কৰে যে অসম ৰাজ্যিক সংগ্রহালয়ৰ সঞ্চালকে এই অমূল্য প্রত্ন সম্পদ সংৰক্ষণৰ বাবে আৰু এই লিপিৰ পাঠোদ্ধাৰৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিব৷

You might also like