নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : ৰূপহী শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত ২০৯নং ৰৌমাৰী মোক্তাব অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাৰ বিৰুদ্ধে ৰাইজে আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অংগনৱাড়ী কেন্দ্ৰটোত কৰ্মী মফিদা বেগম আৰু সহায়িকা মমিনা বেগমে নিজ খেয়ালখুচি মতে কেন্দ্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ কেন্দ্ৰটোত শিশু খাদ্যৰ নামতো ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ কেন্দ্ৰটো দুই-তিনি মাহৰ পিছত মন গ’লে নিজ খেয়ালখুচি মতে খুলি পাঠদান কৰাৰ অভিযোগ কৰ্মী-সহায়িকাৰ বিৰুদ্ধে ৷ কেন্দ্ৰটোৰ ভিতৰত বৰ্তমান একাঁঠু পানী ৷ নাই কোনো শৈক্ষিক পৰিৱেশ ৷ কেন্দ্ৰটোৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগ আৰু ৰূপহী শিশু বিকাশ প্ৰকল্প বিষয়াক শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী ৰাইজে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like