নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰিস্থিত বাজিয়াগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই মাননি বৃদ্ধিকে ধৰি বিভিন্ন দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মী-সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি চৰকাৰ তথা সংশ্লিষ্ট সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে অনীহা কৰাৰ অভিযোগ কৰে প্ৰতিবাদী কৰ্মী-সহায়িকাসকলে। শেহতীয়াকৈ তেওঁলোকৰ দাবীসমূহ বাজেটত অন্তৰ্ভুক্ত নোহোৱাক কেন্দ্ৰ কৰি বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰ্মী-সহায়িকাসকলে ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখ্য যে কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধি কৰা, ২০ অক্টোবৰৰ ভিতৰত অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা তথা মিনি কৰ্মীক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰাকে আদি কৰি বিভিন্ন দাবীত চামগুৰিৰ বাজিয়াগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মী-সহায়িকাসকলে সমৱেত হৈ হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ উক্ত দাবী সন্দৰ্ভত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত গুৱাহাটীত সদলবলে ৰাজ্যৰ সকলো অংগনৱাড়ী কৰ্মী-সহায়িকাই সমৱেত হৈ চৰকাৰৰ বিৰুদ্ধে বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে।
প্ৰেৰক প্ৰমোদ শৰ্মা