নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

🔹 শিশুৰ বাবে যোগান ধৰা পুষ্টিকৰ খাদ্য নষ্ট কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চেঙা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ১৫৮নং মৈৰাদিয়া-হলংগাপাৰা অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে স্থানীয় লোকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । কেন্দ্ৰটোৰ শিশু, প্রসূতি আৰু গৰ্ভৱতী মহিলাৰ বাবে চৰকাৰে যোগান ধৰা পুষ্টিকৰ খাদ্য বিতৰণ আৰু খুওৱাৰ নামত কেন্দ্ৰটোৰ কৰ্মী ছানিয়াৰা খাতুনে দীৰ্ঘদিন ধৰি ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগত একাংশ পুৰুষ-মহিলাই আজি কেন্দ্ৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে কেন্দ্ৰটোৰ শিশুসকলৰ বাবে চৰকাৰে যোগান ধৰা পুষ্টিকৰ খাদ্য শিশুসকলৰ মাজত বিতৰণ নকৰি কৰ্মীগৰাকীৰ ঘৰতে জমা কৰি ৰাখে। শিশুৰ বাবে যোগান ধৰা এনে পুষ্টিকৰ খাদ্য দীৰ্ঘদিন জমা কৰি ৰখাত খাদ্যসমূহৰ ম্যাদ উকলি যায়। কেন্দ্ৰটোৰ কৰ্মী ছানিয়াৰা খাতুনে এনে ম্যাদ উকলা খাদ্য খেতিপথাৰত পেলাই দিয়াত ঘটনাটো পোহৰলৈ আহে আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় লোকে। কেন্দ্ৰটোৰ শিশুসকলৰ বাবে যোগান ধৰা শিশু খাদ্য বিতৰণ নকৰি কি যুক্তিত কৰ্মী ছানিয়াৰা খাতুনে নিজৰ ঘৰত জমা কৰি ৰাখি নষ্ট কৰিলে, তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত একাংশ সচেতন লোকে কৰ্মীগৰাকীক সোধাত ওলোটাই তেওঁলোককে তৰ্জন-গৰ্জন কৰাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় লোকে অভিযোগ কৰা মতে, দীৰ্ঘদিন ধৰি অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মীগৰাকীয়ে চৰম মইমতালিৰে কেন্দ্ৰ পৰিচালনা কৰি আহিছে। চৰকাৰী নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই নিজ খেয়ালখুচি মতে চলাইছে অংগনৱাড়ী কেন্দ্ৰটো। চৰকাৰে যোগান ধৰা শিশু খাদ্য নষ্ট কৰাৰ লগতে কেন্দ্ৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত অৰাজকতা সৃষ্টি কৰা কৰ্মী ছানিয়াৰা খাতুনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে স্থানীয় একাংশ লোকে। প্ৰতিবাদকাৰীসকলে শিশু খাদ্য নষ্ট কৰা নচলিব, দুৰ্নীতিগ্ৰস্ত কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, ছানিয়াৰা খাতুন হায় হায় আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰে সমগ্ৰ ঘটনাৰ তদন্তসাপেক্ষে অভিযুক্ত কৰ্মী ছানিয়াৰা খাতুনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটাৰ জিলা আয়ুক্ত আৰু চেঙা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াক ৰাইজে দাবী জনাইছে ।

প্ৰেৰক ৰবিউল হুছেইন

You might also like