নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বুলেট চলাই গাখীৰ বিক্ৰী কৰিলে আঙুৰলতাই

নিয়মীয়া বাৰ্তা,৮মাৰ্চ: কামৰূপ জিলাৰ বকোৰ বনিয়াভিঠাৰ এগৰাকী যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ কাহিনীয়ে হৃদয় জিনিছে বহুতৰে।পশুপালনেই জীৱন জীৱিকাৰ পথ বাছি লোৱা বনিয়াভিঠাৰ অখিল দৈমাৰী আৰু গীতাঞ্জলি বড়ো দৈমাৰীৰ পশুপালন আৰু দুগ্ধউৎপাদনত সকলো প্ৰকাৰে সহায় আগবঢ়াই জীয়ৰী ডেইজী দৈমাৰীয়ে।প্ৰতিদিনে উদ্যমি যুৱতী ডেইজী দৈমাৰীয়ে বুলেট খন লৈ বকোৰ বিভিন্ন অঞ্চললৈ গৈ বিক্ৰী কৰে ৮০ ৰ পৰা ১৩০ লিটাৰ গাখীৰ।উল্লেখ্য যে প্ৰতিদিনে বুলেট লৈ গাখীৰ বিক্ৰী কৰাৰ উপৰিও ডেইজীয়ে গাখীৰ,পনীৰ বিক্ৰী কৰে বকো চহৰত থকা তেওঁৰ ডেইজী মিল্ক বুথ নামেৰে থকা বিপনী খনত।ইয়াৰ লগতে ডেইজীয়ে বকো জে এন কলেজত স্নাতক বৰ্ষত শিক্ষাগ্ৰহণ কৰি আছে।বকোৰ সাহসী,আত্মনিৰ্ভৰশীল যুৱতী ডেইজীৰ কাষত হঠাৎ সোমবাৰে উপস্থিত হল আঙুৰলতা ডেকা।ডেইজীৰ সৈতে প্ৰায় ২০ কিলোমিটাৰ বুলেটৰে গৈ বকোৰ হাহিমত গাখীৰ বিক্ৰী কৰিলে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই।এইদৰে বিজেপি নেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকাক ওচৰত পাই উৎফুল্লিত ডেইজী দৈমাৰীৰ লগতে ডেইজীৰ পিতৃ-মাতৃ।কলেজীয়া ছাত্ৰী ডেইজীয়ে দ্বিধাহীনভাৱে চলাই যোৱা কৰ্মক উৎসাহিত কৰিবলৈ বিজেপি নেত্ৰী আঙুৰলতা ডেকাই লোৱা পন্থাক শলাগ লৈছে সচেতন মহলে।

প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like