নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : অনিল বণিয়াক দেশদ্ৰোহ ৰ গোচৰত গ্ৰেপ্তাৰ। আজি ৰাজ্যৰ অন্যতম ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনীয়াক দেশদ্ৰোহ গোচৰত গ্ৰেপ্টাৰ কৰে বিশ্বনাথ আৰক্ষী প্ৰশাসনে৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২৪ এপ্ৰিল তাৰিখে ছাত্ৰমুক্তি সমগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনীয়াই ফেইচবুকযোগে পেহেলগামত পাকিস্থানী উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা নাৰকীয় হত্যাযজ্ঞৰ সন্দৰ্ভত দেশ বিৰোধী বক্তৱ্য ডাঙি ধৰিছিল৷ ছাক্ৰনেতা অনিল বনীয়াই ফেইচবুক বাৰ্তাযোগেদি প্হেলগাম কাণ্ড সন্দৰ্ভত দেশ বিৰোধী বক্তৱ্য ডাঙি ধৰা কাৰ্যৰ বিৰূদ্ধে বিহালী আৰক্ষী থানাত গোচৰ নম্বৰ ৪২/২৫ত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 113 (3) 152 196 197 (1) 352 আৰু 353 ধাৰাত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ বিহালী আৰক্ষী থানাত পঞ্জীয়নভূক্ত গোচৰৰ ভিত্তিত বিহালী আৰক্ষীয়ে ছাত্ৰনেতা অনিল বনীয়াক স্বগৃহৰ পৰা গ্ৰেপ্টাৰ কৰে৷ ইফালে খবৰ অনুসৰি- বিহালী আৰক্ষীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম,সমিতিৰ সহকাৰী সম্পাদক অনিল বণিয়াক গ্ৰেপ্টাৰ কৰি বিশ্বনাথ সত্ৰ ন্যায়লয়ত হাজিৰ কৰাই বিশ্বনাথ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে৷