নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অনভিজ্ঞ’ ৰিপুণ বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্রেছ এৰিলে অনিল ৰাজাই

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ প্রদেশ কংগ্রেছৰ বর্তমানৰ নেতৃত্বৰ প্রতি ক্ষোভ উজাৰি কংগ্রেছৰ প্রাথমিক সদস্য পদ ত্যাগ কৰিছে অনিল ৰাজাই৷ দীর্ঘদিন ধৰি কংগ্রেছ নেতৃত্বক সমালোচনা কৰি অহা ৰাজাই আজি নিখিল ভাৰত কংগ্রেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি ছোনিয়া গান্ধীলৈ পদত্যাগ–পত্র প্রেৰণ কৰিছে৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত এই কথা সদৰী কৰি ৰাজাই কয় যে কংগ্রেছে বর্তমানৰ নেতৃত্বৰ বাবে ৰাইজৰ মাজত বিশ্বাসযোগ্যতা, গ্রহণযোগ্যতা আৰু সন্মান হেৰুৱাই পেলাইছে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগৰ পাছত কংগ্রেছ দলৰ অৱস্থা অসমত অত্যন্ত শোচনীয় হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘দলটোৰ বর্তমানৰ নেতৃত্বৰ ভ্রষ্টাচাৰ, লবীকেন্দ্রিক ৰাজনীতি, খেলিমেলি দেখি প্রাথমিক সদস্য পদ মই ত্যাগ কৰিছোঁ৷ এই দলটোৰ কোনো ভৱিষ্যৎ নাই৷ একাংশ কংগ্রেছীৰ ব্যভিচাৰত দলটো আজি নিঃশেষ হৈছে৷’ একে সময়তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক সমালোচনা কৰি অনিল ৰাজাই কয় যে বর্তমানৰ সভাপতিজনৰ বিৰুদ্ধে নাৰী কেলেংকাৰিৰ অভিযোগ আছে৷ প্রদেশ কংগ্রেছৰে এগৰাকী নেত্রীক সভাপতিয়ে হোটেললৈ মাতিছিল৷ এই সন্দর্ভত লিখিতভাৱে ৰাহুল গান্ধীক অভিযোগ দাখিল কৰা হৈছিল৷ কিন্তু কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷

তদুপৰি ৰিপুণ বৰাৰ কোনো সাংগঠনিক অভিজ্ঞতা নাই৷ সেইজনৰ নেতৃত্বত দল কিদৰে চলিব৷ নাৰী কেলেংকাৰিত জড়িত এজন ব্যক্তিক কিদৰে সমাজে গ্রহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘ৰিপুণ বৰাই অসমক বচাব বিচাৰে৷ কিন্তু তেওঁৰ কোনো সাংগঠনিক অভিজ্ঞতা নাই৷ সেয়েহে আগন্তুক নির্বাচনত মই কংগ্রেছক হৰুৱাবৰ বাবে ৰাইজক আহ্বান জনাইছোঁ৷ কাৰণ কংগ্রেছ শাসনলৈ আহিলে ৰাইজ সংখ্যালঘু নেতাৰ তলত থাকিব লাগিব৷ কংগ্রেছ শাসনলৈ আহিলে সংখ্যালঘু নেতা শাসনৰ গাদীত বহিব৷ কংগ্রেছ দলৰ কেন্দ্রীয় নেতৃত্বত কোনো উল্লেখযোগ্য নেতা নাই৷ সেইদৰে অসমৰ নেতাসকলো দুর্নীতিত লুতুৰি–পুতুৰি৷ মন্ত্রী–বিধায়ক হৈ আহিলেহে কংগ্রেছত বর্তমান নেতা বুলি বিবেচনা কৰা হয়৷ সকলোকে লৈ আগবঢ়াৰ চিন্তা বর্তমানৰ নেতৃবৃন্দৰ নাই৷’ উল্লেখ্য যে ইয়াৰ পূর্বে অনিল ৰাজাই ৰিপুণ বৰাৰ লগতে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ নামে–বেনামে সম্পত্তি গঢ়া বুলি ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুর্নীতি নিবাৰকৰ ওচৰত তেওঁ গোচৰো ৰুজু কৰিছিল৷ প্রদেশ কংগ্রেছত তেওঁ কেইবাটাও গুৰুত্বপূর্ণ দায়িত্বও পালন কৰিছিল৷

You might also like