নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ নির্মাণৰ বাবে দেশজুৰি সংগ্রহ ২১০০ কোটি টকা

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ  দেশৰ জনসাধাৰণৰ পৰা অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে সংগ্রহ হৈছে মুঠ ২১০০ কোটি টকা৷ আজি শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে এই কথা সদৰী কৰিছে৷

লক্ষণীয়ভাৱে ২৭ ফেব্রুৱাৰীত দেশত পুঁজি সংগ্রহ অভিযানৰ অন্ত পেলাইছে ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে৷ ন্যাসে ৰাম মন্দিৰ প্রকল্পৰ বাবে মুঠ ১১০০ কোটি টকা দেশৰ জনসাধাৰণৰ পৰা বৰঙণি হিচাপে সংগ্রহ কৰাৰ আশা কৰিছিল৷ কিন্তু ন্যাসে আশা কৰাতকৈও এহাজাৰ কোটি টকা অধিক সংগ্রহ হৈছে মন্দিৰ নির্মাণৰ বাবে৷ মুঠ ৪৪ দিন ধৰি দেশত ৰাম মন্দিৰ নির্মাণৰ বাবে জনসাধাৰণৰ পৰা পুঁজি সংগ্রহ কৰা হৈছিল৷

ন্যাসৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰিয়ে উল্লেখ কৰিছে যে ভাৰতৰ প্রায় প্রতিখন গাঁৱত সকলো স্তৰৰ লোকৰ পৰা এই পুঁজি সংগ্রহ কৰা হৈছে৷ গিৰিয়ে উল্লেখ কৰা অনুসৰি অকল মন্দিৰটো নির্মাণৰ বাবে খৰচ হ’ব ৩০০ৰ পৰা ৪০০ কোটি টকা৷

ইফালে মন্দিৰ চৌহদৰ অন্যান্য নির্মাণ কার্যত খৰচ হ’ব ১১০০ কোটি টকা৷ লক্ষণীয়ভাৱে অযোধ্যাৰ সাধুসকলে ন্যাসক অতিৰিক্ত ধন পৱিত্র চহৰখনৰ উন্নয়নমূলক কাম–কাজত ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে৷

You might also like