নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুপালনে আত্মনির্ভৰ কৰি তুলিব অসমকঃ কৃষিমন্ত্রী বৰা

গুৱাহাটীত পশুধন, হাঁহ–কুকুৰা মেলাৰ আৰম্ভণি

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ সোমবাৰৰ পৰা গুৱাহাটীৰ খানাপাৰৰ পশুধন পামত আৰম্ভ হৈছে পশুধন আৰু হাঁহ–কুকুৰা মেলা, ২০২১৷ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পশুপালন তথা কৃষিমন্ত্রী অতুল বৰাই৷ উদ্বোধনী ভাষণত মন্ত্রী বৰাই কয় যে পশুপালন ক্ষেত্রখনে ৰাজ্যৰ উন্নয়নত প্রভূত বৰঙণি জগাই আহিছে বুলি কৈ যোৱা দিনসমূহত যথেষ্ট পশুপালকৰ সৃষ্টিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে৷ বৰাই লগতে কয় যে অৱহেলিত হৈ থকা বিভাগটোৱে বর্তমানৰ চৰকাৰৰ দিনত ন ৰূপ পাবলৈ সক্ষম হৈছে৷ পশুপালন বিভাগে গ্রহণ কৰা নতুন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকল উপকৃত হোৱাৰ পথ প্রশস্ত হৈছে৷অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বজাৰ অসমৰ কৃষকে দখল কৰিব লাগিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে মন্ত্রী বৰাই৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে বিশিষ্ট অতিথিৰ ভাষণত কয় যে কৃষি হৈছে আমাৰ ৰাজ্যখনৰ প্রাণ৷ শতবর্ষ গৰকা পশুপালন বিভাগটোৱে শেহতীয়াভাৱে গ্রহণ কৰা পদক্ষেপসমূহৰ লগতে অসম পশুধন নিগমে লকডাউনৰ সময়ছোৱাত গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰে৷ গোস্বামীয়ে লগতে কয় যে পশুপালনৰ জৰিয়তে স্বাৱলম্বিতা অর্জন কৰিব পাৰিলে যুৱক–যুৱতীসকল আত্মসন্মানেৰে জীয়াই থাকিব পাৰিব৷

অসম পশুধন আৰু হাঁহ–কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূর্ণ ক্ষেত্রখনেই হ’ল পশুপালন৷ শইকীয়াই লগতে নিগমৰ বহুকেইখন আঁচনিৰ গুৰুত্বপূর্ণ সফলতাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বজাৰ দখল কৰাৰ লক্ষ্যৰে নিগমে ইতিমধ্যে আৰম্ভ কৰা ‘পথাৰো আমাৰ বজাৰো আমাৰ’ কার্যসূচীৰ প্রতি যুৱক–যুৱতীসকলৰ্ ব্যাপক সঁহাৰিয়ে এই ক্ষেত্রখনত নতুন মাত্রা দিছে৷ যোৱা দিনসমূহত নিগমে ১৫ হাজাৰতকৈ অধিক যুৱক–যুৱতী আত্মনির্ভৰ কৰিবলৈ সক্ষম হৈছে৷ উদ্ধোধনী অনুষ্ঠানত পশুপালন বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন, কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশদীপ, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, পশুপালন বিভাগৰ সঞ্চালক অশোক বর্মন উপস্থিত থাকে৷ মেলা উপলক্ষে প্রদর্শনীৰ দ্বাৰ মুকুলি কৰে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে৷প্রদর্শনীত ১২৫খনৰো অধিক বিপণীয়ে অংশগ্রহণ কৰে৷ প্রতিদিনে মেলাত কৃষকসকলৰ মাজত প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ১০ ফেব্রুৱাৰীত সামৰণী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷সামৰণী অনুষ্ঠানতেই জিলা আৰু ৰাজ্যিক পর্যায়ৰ শ্রেষ্ঠ পশুপালকসকলক বঁটা প্রদান কৰা হ’ব৷ মেলাত বিভিন্ন প্রজাতিৰ পশুধন আৰু পক্ষীয়ে দর্শকক আকর্ষিত কৰা দেখা গৈছে৷

You might also like