ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ অবাধে প্ৰেৰণ পশু
🔹 ঈদ-উল-আজহাৰ পূৰ্বে সক্ৰিয় গো-ধন সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৫ জুন : পূৰ্বৰ দৰেই গতানুগতিকভাৱেই আগন্তুক ঈদ-উল-আজহাৰ পূৰ্বে বৰ্তমান বৃদ্ধি পাইছে অবৈধভাৱে বাংলাদেশলৈ পশুধনৰ সৰবৰাহ। বিগত এসপ্তাহে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে গোপনে বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ অনা জব্দকৃত গোধনৰ সংখ্যাই সেয়াই প্ৰতিষ্ঠিত কৰিছে। জানিব পৰা মতে, কেৱল মে’ মাহৰ অন্তিম সপ্তাহটোতেই আৰক্ষীয়ে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত সৰু-বৰ চাৰিচকীয়া বাহনেৰে সৰবৰাহ কৰিবলৈ অনাৰ পথত অতিকমেও ৬৯টাকৈ গৰু উদ্ধাৰ কৰিছে। উল্লেখনীয় যে বিগত মে’ মাহৰ অন্তিমফালে অবৈধ বাংলাদেশী নাগৰিকৰ সন্দেহত কৰায়ত্ত কৰা একাংশক বাংলাদেশলৈ ওভতাই পঠিওৱাক কেন্দ্ৰ কৰি বাংলাদেশ সীমান্তৰ কুৰিগ্ৰাম ছেক্টৰৰ দুই-তিনিটা স্থানত বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (বিজিবি) আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ মাজত কথাৰ কটাকটি হৈছিল। সেই ঘটনাৰ পিছত নিজৰ নিজৰ প্ৰতিক্ৰিয়া ৰূপে বিজিবিৰ কুৰিগ্ৰাম ছেক্টৰৰ একাংশ কমাণ্ডাৰে সংবাদ মাধ্যমৰ সন্মুখত “ভাৰতৰ পৰা মানুহ কিয়, এটা পৰুৱাকো প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব” জাতীয় আস্ফালন কৰা দেখা গৈছিল। উল্লেখ্য যে পশ্চিমবংগত পশুধনৰ মূল্য ধুবুৰী তথা অসমৰ পৰা তুলনামূলকভাৱে কম। সেয়ে, ঈদৰ আগে আগে বহু লোকে পশ্চিমবংগৰ বিভিন্ন হাটৰ পৰা পশুধন ক্ৰয় কৰে আৰু পদব্ৰজে পশুবোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ছাগলীয়া হৈ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চললৈ নিয়ে। সন্দেহ অনুসৰি, বিগত কিছু বছৰৰ পৰা তাৰেই পূৰ্ণ সুযোগ লৈ আছে অবৈধ পশুধন সৰবৰাহকাৰী চক্ৰই। স্থানীয় একাংশ মহলৰ মতে, প্ৰতিবছৰে পশুধনৰ অবৈধ সৰবৰাহকাৰী চক্ৰই পূৰ্বৰে পৰা গৰু ক্ৰয় কৰি অসম-বংগ সীমান্ত অঞ্চলত জমা কৰে আৰু অনায়াসে পশুধন পদব্ৰজে ছাগলীয়া হৈ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধুবুৰী জিলালৈ অনাৰ পিছত প্ৰথমে বিশেষ কেইটামান ‘ট্ৰানজিট পইন্ট’ত জমা কৰে। তাৰ পিছত সীমান্তৰ কোনটো অঞ্চলেৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব সেই অনুসৰি প্ৰথমে ভাগে ভাগে পশুবোৰ বিভিন্ন ভিতৰুৱা পথ অথবা নদীপথেৰে সীমান্তলৈ নিয়া হয় আৰু পিছত ছেগ বুজি বাংলাদেশেলৈ প্ৰেৰণ কৰে। এইদৰেই অবাধে পশুধন সৰবৰাহ চলি থকাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত গো-সুৰক্ষা আইনখন ধুবুৰী জিলাত ধোঁৱাচাঙত নেকি বুলি চৰ্চিত হোৱাৰ সমান্তৰালকৈ আৰক্ষীৰ ভূমিকাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। তদুপৰি বাংলাদেশলৈ পশুধনৰ সৰবৰাহ অব্যাহত থকা ঘটনাই দেশখনত পশুধনৰ ছিণ্ডিকেট চক্ৰটো কিমান শক্তিশালী, সেয়া স্পষ্ট কৰি দিয়াৰ সমান্তৰালকৈ এয়া উদ্বেগজনক বুলিয়েই বিবেচিত হৈছে। জানিব পৰা মতে, ইতিমধ্যে বাংলাদেশৰ বজাৰত আকাৰভেদে গোধনৰ মূল্য বাংলাদেশী মুদ্ৰা “টাকা”ত ১৫ৰ পৰা ২০ হাজাৰলৈকে বৃদ্ধি পাইছে। উল্লেখ্য যে এইবেলি দেশখনৰ পশুহাটবোৰত বাংলাদেশী মুদ্ৰাত আনুমানিক ৫০ হাজাৰ কোটি টকালৈকে লেনদেন হোৱাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী