নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্থাভাৱ : ই-ৰিক্সা চলাই স্বাৱলম্বিতাৰ নিদৰ্শন তামুলপুৰৰ অঞ্জলি বড়োৰ

নিয়মীয়া বাৰ্তা, ১৪ জুন : যি সময়ত ৰাজ্যজুৰি নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সন্ধানত হাবাথুৰি খাই পৰিব লগা হৈছে ঠিক তেনে সময়তে তামুলপুৰত এগৰাকী ৩০ বছৰীয়া বড়ো জনগোষ্ঠীৰ মহিলাই দেখুৱাইছে কৰ্মসংস্থাপনৰ এক সোণালী বাট। মহিলা গৰাকীৰ নাম অঞ্জলি বড়ো। নলবাৰী জিলাৰ আল্লীয়া নিৱাসী মদন বড়োৰ পত্নী অঞ্জলি বড়োৱে আজি চাৰি মাহ ধৰি তামুলপুৰত ই-ৰিক্সা চলাই বিচাৰি লৈছে অৰ্থ উপাৰ্জনৰ পথ। অঞ্জলি বড়োৱে এই প্ৰতিবেদকক জনোৱা মতে তেওঁৰ স্বামী মদন বড়োৱে কিডনী ষ্টনৰ বাবে অষ্ট্ৰোপচাৰ কৰিবলগা হয়। ফলত তেওঁ শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ পৰে আৰু পৰিয়ালটোৰ অৰ্থ উপাৰ্জনৰ বাট একপ্ৰকাৰ বন্ধ হৈ পৰে। ইপিনে অষ্টম আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দুয়োগৰাকী পুত্ৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰটো ব্যাপক সমস্যাই দেখা দিয়ে। উপায়হীন হৈ ঘৰতে বহি নাথাকি অঞ্জলি বড়োৱে অৰ্থ উপাৰ্জনৰ সন্ধানত নামি পৰে। বিভিন্ন চিন্তা চৰ্চা কৰি অঞ্জলি বড়োৱে বন্ধৰ বেঙ্কৰ পৰা কিছু ঋণ লয় আৰু এখন ছেকেণ্ড হেণ্ড ই-ৰিক্সা ক্ৰয় কৰে। অকণো লাজ শংকা নকৰি তেওঁ তামুলপুৰৰ বিভিন্ন স্থানত নিতৌ ই-ৰিক্সা চলাবলৈ ধৰে। অঞ্জলি বড়োৱে জনোৱা মতে তেওঁ নিতৌ ই-ৰিক্সা চলাই তিনিশৰ পৰা চাৰিশ টকা উপাৰ্জন কৰে আৰু এই ধনৰাশিৰে দুয়োগৰাকী পুত্ৰ সন্তানৰ পঢ়া খৰচৰ উপৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছে। ইয়াৰ মাজতে অঞ্জলি বড়োৰ স্বামী মদন বড়োয়েও ৰুগ্ন দেহাৰে যি পাৰে অৰ্থ উপাৰ্জনৰ কামত নিয়োজিত হৈ আছে বুলিও অঞ্জলি বড়োৱে জানিবলৈ দিয়ে। কাৰ্যতঃ দুয়ো পতি পত্নীৰ অৰ্থ উপার্জনেৰে চাৰি জনীয়া পৰিয়ালটো সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি আছে। ইপিনে সংস্কৃতিবান মহিলা অঞ্জলি বড়োৰ এনে যোগাত্মক পদক্ষেপক তামুলপুৰৰ বিভিন্নজনে ভূয়সী প্ৰশংসা কৰাৰ উপৰি আন দহ গৰাকী মহিলাৰ বাবে তেওঁ আদৰ্শ হিচাপে বিবেচিত হৈছে।
প্ৰেৰক ৰজনী বৰ্মন
You might also like