নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছলৈ ভাবুকি সৃষ্টিৰে অজাপলৈ অংকিতা দত্ত!

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ সমষ্টি পুণৰ নিৰ্ধাৰণে আমগুৰি সমষ্টি বিলুপ্তি কৰণৰ ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰথম জাক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হল শিৱসাগৰত৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম ৰাজ্যিকৰ প্ৰাক্তন শীৰ্ষ নেত্ৰী তথা প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই যোৱানিশা নৱগঠিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে যোৱানিশা শিৱসাগৰৰ এখন হোটেলত ৰূদ্ধধাৰ বৈঠকত মিলিত হোৱাৰ ঘটনাই ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছ ৷ কংগ্ৰেছৰ সদ্য বহিস্কৃত নেত্ৰীগৰাকীয়ে শিৱসাগৰ কংগ্ৰেছৰ দুৰ্গত কঁপনি তুলি অজাপৰ নেতাগৰাকীৰ সৈতে বৈঠকত মিলিত হোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ৷ বিশেষকৈ কংগ্ৰেছ দলৰ পৰা সঁচা অৰ্থত এগৰাকী যুৱ নেত্ৰী হিচাবে সেৱা আগবঢ়াই অহাৰ পিছতো নিজৰ ওপৰত হোৱা সেই জঘন্য অবিচাৰৰ কোনো ন্যায় বিচাৰ নোহোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ ঢ়ৌ তুলি থকাৰ সময়তেই অংকিতা দত্তৰ এই সাক্ষাত অনাগত দিনত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিশোধৰ জুই হিচাবে পৰিগণিত হোৱাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে ৷ উল্লেখ্য যে এক অসম যাত্ৰাৰ প্ৰাক মুহূত্বত কালি শিৱসাগৰ নগৰৰ হলিডে পেলেচ হোটেলত বাহৰ পতা লুৰিণজ্যোতি গগৈক অংকিতা দত্তই আনুষ্ঠানিক সাক্ষাৎ কৰি তেওঁৰ যাত্ৰাৰ বুজ লোৱাৰ লগতে অসম-অসমীয়াক একত্ৰিত কৰিব লোৱা এই যাত্ৰাৰ প্ৰতি নেত্ৰী গৰাকীৰ সমৰ্থন থকা বুলি উল্লেখ কৰে।লগতে সদ্যলুপ্ত আমগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ দুবাৰকৈ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা নেত্ৰী গৰাকীয়ে “আমাৰ শিৱসাগৰ সমষ্টিলৈ তেওঁ অহাৰ” বাবে তেওঁৰ কুশল বাৰ্তা লবলৈ আহিলো কোৱা কথাত ৰাজনৈতিক ভু-ৰখা মহলে আন এক সম্ভাৱনা উন্মোচন কৰিছে।অৱশ্যে নেত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত “এতিয়াও একো ভৱা নাই যদিও ৰাজনীতিত একো অসম্ভৱ নহয়” বুলিও তাৎপৰ্য্যপুৰ্ণ  মন্তব্য কৰি বহু চৰ্চাৰ পথ মুকলি কৰি থৈ যায়।এতিয়া এই সাক্ষাতক কেন্দ্ৰ কৰি বহু জল্পনা-কল্পনা আৰম্ভ হৈছে।ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে বিলুপ্ত কৰা আমগুৰি সমষ্টিৰ এক বৃহৎ অংশ বৰ্তমানৰ শিৱসাগৰ সমষ্টিত অৰ্ন্তভুক্ত কৰাৰ ফলত এতিয়া আমগুৰি সমষ্টিৰ নেতৃত্বৰ বাবে শিৱসাগৰ হৈ পৰিছে আগন্তুক নিৰ্বাচনৰ আখৰা থলি।যাৰবাবে আমগুৰি সমষ্টিৰ বৰ্তমানৰ অসম গণ পৰিষদ দলৰ বিধায়ক প্ৰদীপ হাজৰিকাই ইতিমধ্যে শিৱসাগৰ সমষ্টিত নিজা কুচকাৱাজ অব্যাহত ৰাখিছে যদিও ৰাইজৰ সমাদৰ বুটলাত সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে ।ইয়াৰ বিপৰীতে শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনৰ আখৰা চলাবলৈ কংগ্ৰেছ দলৰ পৰা বহিস্কৃত নেত্ৰী অংকিতা দত্তৰ এক ৰাজনৈতিক মঞ্চৰ অভাৱ হৈছে।বিজেপি দললৈ গমনৰ কোনো বাট নথকা দত্তৰ ভৱিষ্যত কংগ্ৰেছক লৈও নিশ্চিত নহ’য়।এনে প্ৰেক্ষাপটত এতিয়া ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদ নেত্ৰী গৰাকীৰ বাবে পৰৱৰ্তী ঠিকনা হ’ব পাৰে।কিন্তু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৰ্তমান শিৱসাগৰ সমষ্টি দখল কৰি থোৱাৰ বাবে ৰাইজৰ দলৰ পৰা অংকিতা দত্তৰ মনোবাঞ্চা যে পূৰণ নহ’ব সেইয়া খাটাং।বিকল্প ৰূপত এতিয়া আছে শিৱসাগৰতে জন্ম লাভ কৰা  অসম জাতীয় পৰিষদ৷লক্ষণীয় ভাৱে অজাপত বৰ্তমানলৈ কোনো শক্তিশালী মহিলা নেত্ৰী নাই।ইয়াৰোপৰি নতুনকৈ সংশোধন কৰা আইন অনুসৰি মহিলাৰ বাবে সংৰক্ষিত তেত্ৰিশ শতাংশত উজনিৰ শিৱসাগৰ সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পূৰা সম্ভাৱনা আছে। যাৰ বাবে  আগন্তুক দিনত অসম জাতীয় পৰিষদৰ মঞ্চ অংকিতা দত্তৰ বাবে এক উপযুক্ত মঞ্চ হৈ পৰিব পাৰে।সেইদৰে পৰিষদৰ বাবেও এগৰাকী শক্তিশালী মহিলা নেত্ৰীৰূপত অংকিতা দত্ত দলটোৰ প্ৰতি লাভজনক হ’ব পাৰে। এনে পৰিপূৰক সম্ভাবনাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত অংকিতা দত্তই অসম জাতীয় পৰিষদত যোগদান কৰিলে আচৰিত হ’বলগীয়া কোনো কথা নহ’ব বুলি ৰাজনৈতিক বিজ্ঞ মহলে মতপোষণ কৰিছে।কিয়নো সদ্য বিলুপ্ত আমগুৰি সমষ্টিৰ এক বৃহৎ অংশৰ ভোটাৰ এতিয়াও অংকিতা দত্তৰ লগত থকাৰ লগতে পিতৃ গৃহ শিৱসাগৰো অংকিতাৰ বাবে আপোন ভোটাৰ৷ যাৰ বাবে লুৰিণক কৰা সাক্ষাতে বহু নেতাৰ ভৱিষ্যতত আওল লগোৱাৰ সম্ভাৱনা ঘৰ্ণীভূৰ্ত হৈ পৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like