বোকাখাতৰ চিআৰপিএফ কেম্পত গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ
বোকাখাতৰ সাপজুৰিৰ পানবাৰী নিগমৰ অসম বেটেলিয়নৰ জোৱান থকা এটা কেম্পত যোৱা ২৪ জুনত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বোকাখাত আৰক্ষী।
প্ৰাপ্ত খবৰ অনুসৰি, বোকাখাত আৰক্ষীয়ে যোৱা নিশা দেৰগাঁৱৰ পৰা আটক কৰিছে অংকুৰক ৷ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৬ জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ লোককেইজন ক্ৰমে বোকাখাতৰ ৰূপজ্যোতি দাস, অংকুৰ দাস, তেজপুৰৰ পৰা ভৱেশ কলিতা, লক্ষীমপুৰৰ পৰা সঞ্জীৱ বৰুৱাক।
তাৰ উপৰি এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত জেল হাজোতলৈ প্ৰেৰণ কৰিছে অংকুৰ দাসৰ দুই ভাতৃ পংকজ দাস আৰু কাকু দাসক। উল্লেখ্য যে, বোকাখাতৰ অসম বেটিলিয়ানৰ কেম্পটোত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাক লৈ বিভ্ৰান্তিত পৰিছে ৰাইজ ৷
এই ঘটনাৰ সৈতে চোৰাং চিকাৰী বা ড্ৰাগচ সৰবৰাহকাৰী জড়িত নে কোনো উগ্ৰপন্থী সংগঠন জড়িত সেই লৈ আৰক্ষী এতিয়াও নিশ্চিত হ’ব পৰা নাই ৷ ইফালে কাজিৰঙাত বাহৰ পাতি থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি সংবাদমেল সম্বোধন কৰি ঘটনাৰ সৈতে ৬-৭ জন লোক এই গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত আছে বুলি মন্তব্য কৰিছিল ৷
ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোককেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷ গ্ৰেণেড বিস্ফোৰণত লিংকমেন হিচাবে থকা তেজপুৰৰ ভৱেশ কলিতাৰ পৰা এটা গ্ৰেণেড আৰু লক্ষীমপুৰৰ সঞ্জীৱ বৰুৱাৰ পৰা এটা গ্ৰেণেডৰ লগতে এটা পিষ্টল উদ্ধাৰ কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানে কালি সংবাদমেলত ব্যক্ত কৰা চমু তথ্য বাহিৰে গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিং, মহকুমা আৰক্ষী বিষয়া বাৰ্ডি বড়ো আৰু বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতিয়াই সংবাদ মাধ্যমক কোনো তথ্য অৱগত কৰা নাই ৷
তদন্ত দোহাই দি আৰক্ষীয়ে কোনো তথ্য সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰাৰ পৰা এতিয়াও বিৰত আছে। ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কাজিৰঙাত বাহৰ পাতি সমগ্ৰ বিষয়টো চোৱা চিতা কৰি আছে ৷ আৰক্ষী সঞ্চালকপ্ৰধান তথা মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যৰ পৰা আৰু তেজপুৰ আৰু লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা দুজনৰ হাতৰ পৰা গ্ৰেণেড উদ্ধাৰ কৰালৈ চাই এই বিস্ফোৰণৰ সৈতে আলফা (স্বাঃ) বা আন কোনো উগ্ৰপন্থী সংগঠন জড়িত থকাৰো সন্দেহ আছে৷
কিন্তু কি শক্তিৰে বলীয়ান হৈ অংকুৰ আৰু ৰূপজ্যোতিয়ে গ্ৰেনেডটো বিস্ফোৰণ কৰিলে সেয়া এতিয়াও স্পষ্ট নহয়। আৰক্ষীয়েও কোনো স্পষ্ট মন্তব্য নিদিয়াৰ ফলত সমগ্ৰ ঘটনাটো গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। হয়তো অসম আৰক্ষীও এতিয়াও বিভ্ৰান্তিৰ মাজতে আছে বুলিহে ৰাইজে সন্দেহ কৰিছে। অংকুৰ দাসক জেৰা কৰিলে হয়তো আৰু কিছু তথ্যৰ সম্ভেদ পাব আৰক্ষীয়ে।
নিয়মীয়া বাৰ্তা, বোকাখাত : Date of published : 28 June, 2025