নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত বিদ্যালয় সংলগ্নকৰণৰ বিৰোধিতা আৰছুসহ পাঁচ সংগঠনৰ

বাৰ্তা ব্যুৰ, ৩ অক্টোবৰ : চৰকাৰে ৩০ বা তাতোকৈ কম ছাত্র ছাত্ৰী থকা বিদ্যালয় সমূহ অন্য বিদ্যালয়ৰ লগত সংলগ্ন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰছুসহ পাঁচটাকৈ সংগঠনে । চৰকাৰৰ এই বিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্তৰ ফলত গোৱালপাৰা জিলাৰ জনজাতীয় আৰু খিলঞ্জীয়া অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে ক্ষতিগ্রস্ত হব বুলি এক সংবাদমেলৰ জৰিয়তে আজি ক্ষোভ উজাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি বিৰঞ্জন ৰাভাই। লগতে এইদৰে জনজাতীয় আৰু খিলঞ্জীয়া অধ্যুষিত অঞ্চলসমূহৰ প্ৰাথমিক বিদ্যালয় ধ্বংসৰ ষড়যন্ত্ৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰছুৰ জিলা সভাপতিগৰাকীয়ে। নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, গোর্খা ছাত্ৰ সন্থা, বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছন আৰু সূত্ৰধৰ ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতি আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কার্যালয়ত সম্বোধন কৰা সংবাদ মেলত বিৰঞ্জন ৰাভাই আৰু কয় যে শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে ২০২২-২৩ বৰ্ষত ৩০জন বা তাতোকৈ কম ছাত্র-ছাত্রী থকা প্রাথমিক বিদ্যালয়সমূহ চামিলকৰণ কৰা প্ৰক্ৰিয়াত সাধাৰণ ৰাইজৰ লগতে আমি জাতীয় সংগঠন সমূহে আশ্বস্ত হ’ব পৰা নাই। ৩০ বা তাতোকৈ কম ছাত্র-ছাত্রী থকা প্রাথমিক বিদ্যালয় আন বিদ্যালয়ত চামিল হ’লে ৰে’ল পথ, ঘন জংঘল, হাতী অহা-যোৱা কৰা পথ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ছাত্ৰ-ছাত্ৰীয়ে চাৰি-পাঁচ কিলোমিটাৰ দূৰত গৈ বিদ্যালয়ত অধ্যয়ন কৰিবৰ বাবে যথেষ্ট অসুবিধাৰ সন্মূখীন হ’ব৷ ইপিনে ভাৰতবৰ্ষত শিক্ষা-দীক্ষা তথা আন্তঃগাঁথনিত পিছপৰা ১১২খন জিলাৰ ভিতৰত গোৱালপাৰা জিলাখনো অন্তর্ভুক্ত হৈ আছে। অসম চৰকাৰে ইতিমধ্যে চামিলকৰণ প্ৰাথমিক বিদ্যালয়ৰ নাম প্ৰকাশ কৰা তালিকাত গোৱালপাৰাৰ অধিকসংখ্যক বিদ্যালয় অতিকৈ দূর্গম অঞ্চল লগতে জনজাতীয়, খিলঞ্জীয়া লোক বসবাস কৰা এলেকাৰ বিদ্যালয়সমূহ অন্তর্ভূক্ত হৈছে। যদিহে গোৱালপাৰা জিলাৰ জনজাতীয় আৰু খিলঞ্জীয়া থকা বিদ্যালয়সমূহ সংলগ্ন হয়, তেতিয়া, যিখিনি ২০/২৫জন পঢ়ি থকা ল’ৰা-ছোৱালী বাদ দিয়াৰ পিছত জিলাখনে পিছপৰা জিলাৰ পৰাই কেতিয়াও উন্নত জিলালৈ ৰূপান্তৰিত হোৱাটো সম্ভৱপৰ হৈ নুঠিব। সেই কাৰনে জনজাতি আৰু খিলঞ্জীয়া বসবাস কৰা অঞ্চলত যিখিনি বিদ্যালয় আছে, বিশেষকৈ গোৱালপাৰা জিলাত এটা বা দুটা বছৰ ৰেহাই দি পৰবৰ্তী সময়ত সঠিক চিন্তা-চৰ্চা কৰিবৰ কাৰণে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে আৰছুৰ জিলা সভাপতিগৰাকীয়ে । চৰকাৰে যদি এই আহব্বানৰ প্ৰতি সহাৰি নিদিয়ে তেন্তে আগন্তুক সময়ত ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে বিৰঞ্জন ৰাভাই । ইপিনে কোচ ৰাজবংশী ছাত্র সন্থাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰানজিৎ দাসে কয় যে গোৱালপাৰা জিলাত সংলগ্ন কৰণৰ বাবে চৰকাৰে ৩৭২খন বিদ্যালয়ৰ তালিকা প্ৰকাশ কৰাৰ পিছত জনজাতীয় অঞ্চল সমূহত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গোৱালপাৰাৰ দৰে অনুন্নত তথা আকাংক্ষিত জিলাৰ ৩০ বা তাতোকৈ কম ছাত্র ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয় যদি অন্য বিদ্যালয়ৰ লগত সংলগ্ন কৰা হয় তেন্তে ছাত্ৰ ছাত্ৰী সকলে ৪/৫ কিলোমিটাৰ দুৰত্বৰ বিদ্যালয়ত যাবলগীয়া হব । ফলত আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ লৰা ছোৱালীয়ে ১৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথ ,ঘন জংঘল, ৰেল পথ, হাতী অহা যোৱা কৰা পথ আদি অতিক্ৰম কৰি ৪- ৫ কিলোমিটাৰ দূৰত্বৰ বিদ্যালয়ত গৈ অধ্যায়ন কৰাটো অসম্ভৱ হৈ পৰিব । ফলত শিশুৰ মৌলিক অধিকাৰ প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত। সেয়েহে সংলগ্নকৰণৰ বাবে প্ৰকাশিত গোৱালপাৰা জিলাৰ ৩৭২ খন বিদ্যালয়ৰ ক্ষেত্ৰত এক বা দুই বছৰ ৰেহাই দিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে আক্ৰাছুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। ইপিনে সংবাদ মেল সম্বোধনৰ পূৰ্বে একেই দাবীৰে পাঁচোটা সংগঠনৰ নেতৃবৃন্দই স্বাক্ষৰিত স্মাৰক পত্ৰ এখন গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুলৈ প্ৰেৰন কৰে।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like