নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনকল্যাণ সমিতিৰ বাৰ্ষিক অধিৱেশন-সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : শোণিতপুৰৰ খনামুখৰ জুপিটাৰ একাডেমীত কালি জনকল্যাণ সমিতি খনামুখৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সমিতিৰ বাৰ্ষিক অধিৱেশন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে জনকল্যাণ সমিতিৰ সভাপতি প্ৰভাস সেনে । সভাখনত অঞ্চলটোৰ ভালেমান কৃতী ছাত্ৰ-ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী আৰু বয়োজ্যেষ্ঠ ব্যক্তিক সমিতিয়ে গামোচা, মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাখনত ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বিশিষ্ট সমাজসেৱক কমিচন মিলি, অৱসৰপ্ৰাপ্ত শিক্ষক স্বপন মৈত্ৰ, সমাজসেৱক মোহন উপাধ্যায়, সমাজসেৱক ঋষিৰাজ কৌন্দিন্য, চিলনী গাঁও পঞ্চায়তৰ সভাপতি দেনেশ্বৰ পাৱ, সমাজসেৱক অশোক বসু, অধিবক্তা সুভাষ বিশ্বাস, জনকল্যাণ সমিতিৰ সম্পাদক কেশৱ তালুকদাৰ, যুটীয়া সম্পাদক দিপাংক দে, সমিতিৰ উপদেষ্টা প্ৰমোদ দাস, শ্যামল চৌধুৰী, মাধৱ মজুমদাৰৰ লগতে অঞ্চলবাসী ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like