নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা আত্মসহায়ক গোট শক্তিশালী হ’লেহে পৰিয়াল স্বাৱলম্বী হোৱাৰ পথ সুগম হ’বঃ চমকঙত সমন্বিত মঞ্চ ৰশ্মিৰ বাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা, ৯ জুনঃ চিমেন চাপৰি, চমকং আৰু মিছামৰা গাওঁ পঞ্চায়তক লৈ তিনিবছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা গ্ৰাম্য সংগঠন ৰশ্মিৰ বাৰ্ষিক অধিৱেশন আজি চমকঙৰ ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা হয়। সমন্বিত মঞ্চ ৰশ্মিৰ সভানেত্ৰী ৰাণু গগৈয়ে সভাপতিত্ব কৰা সভাত গ্ৰাম্য জীৱিকা অভিযানৰ জিলা প্ৰকল্প সঞ্চালক সপোনজ্যোতি গোহাঁইয়ে বিশিষ্ট অতিথিৰ ভাষনত কয় মহিলা আত্মসহায়ক গোট সমূহ গঠন কৰিলেই নহ’ব,এনে গোট সমূহে উপাৰ্জন আৰু উৎপাদনমুখী কৰ্মত মনোনিবেশ কৰিব লাগিব তেতিয়াহে মহিলা সকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বীতা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মহিলা আত্মসহায়ক গোট সমূহৰ আৰ্থিক স্বচ্ছলতা বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত পুঁজিৰ যোগান ধৰে আহিছে বুলি বক্তব্য দাঙি ধৰে। সভাত অখেতিয়ক খণ্ডৰ জিলা কাৰ্য্যকৰণ বিশেষজ্ঞ জয়ন্ত হাজৰিকাই কয় ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী ক্ষূদ্ৰ খাদ্য প্ৰস্তুত উদ্যম শীৰ্ষত এটা আঁচনি গ্ৰহণ কৰি এই আঁচনিৰ জৰিয়তে ত্ৰিশ শতাংশ ৰাজসাহাৰ্য্যৰে দহ লাখ পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰি অখেতিয়ক খণ্ডৰ অধীনত মহিলা সকলে খাদ্য প্ৰস্তুত কৰিবলৈ ৰাজহুৱা উদ্যম পুঁজি আঁচনিৰ অধীনত মাহত এক শতাংশ সুদত ঋণৰ ব্যৱস্থা থকাৰ কথা উনুকিয়াই বক্তব্য ৰাখে। সামাজিক সংস্থা গঠন প্ৰচাৰ বিভাগৰ জিলা কাৰ্য্যকৰণ বিশেষজ্ঞা মনিকা বৰাই কয় মহিলা সকলৰ উন্নত জীৱন-জীৱিকাই অৰ্থনৈতিক স্বাৱলম্বী শক্তিশালী কৰে বুলি বক্তব্য ৰাখি মহিলা আত্মসহায়ক গোট সমূহে দায়িত্ব আৰু কৰ্তব্য সঠিকভাৱে পালন কৰিলে আয়- উপাৰ্জন নিশ্চিত ৰূপত বৃদ্ধি পাব বুলি উনুকিয়াই গোট সমূহে চৰকাৰী আৰ্থিক সাহাৰ্য্য সমূহ আনলৈ ঋণ হিচাপে নিদি নিজৰ উৎপাদনমুখী কামত ব্যৱহাৰ কৰা উচিত বুলি বক্তব্য দাঙি ধৰি মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱাটো সমীচিন নহয় বুলিও মত ব্যক্ত কৰি ৰশ্মি সমন্বিত গ্ৰাম্য সংগঠনে প্ৰায় এক কোটি আভ্যন্তৰীণ লেনদেন কৰি থকাটো গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে বুলি কয়। চেভেন ছিষ্টাৰ প্ৰজেক্ট এস্কিউকেটিভ জুপিতৰা বৰুৱা, খণ্ড সমন্বয়ক বিশ্বজিৎ দাস,পশ্চিম জোনাই মণ্ডল বিজেপিৰ সভাপতি শিৱ দলে, গ্ৰামসেৱক ধ্ৰুৱজ্যোতি দত্ত, চিমেন চাপৰি জীৱিকা সখী দিপালী চুতীয়া ফুকনে মহিলা আত্মসহায়ক গোটৰ গুৰুত্ব , প্ৰয়োজনীয়তা আৰু দায়িত্ব-কৰ্তব্যৰ ওপৰত বহলাই বক্তব্য আগবঢ়ায়। ৰশ্মি সমন্বিত গ্ৰাম্য সংগঠনৰ সম্পাদিকা সাবিত্ৰী বসুমতাৰীয়ে প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানত চমকঙৰ জীৱিকা সখী মঞ্জু পেগু, চিমেন চাপৰি, চমকং আৰু মিছামৰা গাওঁ পঞ্চায়তৰ পাঁচশ ছল্লিশটা মহিলা আত্মসহায়ক গোটৰ পাঁচ সহস্ৰাধিক মহিলা সদস্যা,পছিশটা গ্ৰাম্য সংগঠনৰ বিষয়ববীয়া উপস্থিত থকা সভাত চুমী বড়ো,সুমিতা বড়োয়ে বড়ো নৃত্য প্ৰদৰ্শন, কবিতা পামে ঐনিঃতম,চুম্পী গগৈয়ে আধুনিক গীত পৰিৱেশন, দিপালী চুতীয়া ফুকনে কবিতা আবৃত্তি কৰি অনুষ্ঠানটি উপভোগ্য কৰি তোলে।

প্ৰেৰক কৰবী দলে

You might also like