নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰত পুনৰ এটকা হ্রাস বিদ্যুৎ মাচুল

🔹 ৰাজ্যবাসীলৈ আন এক সকাহ : মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা

🔹 শীঘ্রে মহিলাসকলক দিব বিনামূলীয়া ম’বাইল

বিশেষ বাৰ্তা, ২২ এপ্রিল : পঞ্চায়ত নির্বাচনৰ প্রচাৰ অভিযানত নামি পৰিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কালি ধেমাজি আৰু ডিগবৈত প্রচাৰ অভিযান আৰম্ভ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আগবঢ়ালে কেইবাটাও বৃহৎ ঘোষণা৷ বিশাল নির্বাচনী প্রচাৰ সমাৱেশ দুখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চলিত এপ্রিল মাহৰ পৰা প্রতিগৰাকী বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ১ টকাকৈ হ্রাস কৰা হৈছে৷ বিদ্যুৎ গ্রাহকসকলে অহা মাহত ইয়াৰ সুফল লাভ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে অহা অক্টোবৰ–নৱেম্বৰ মাহত পুনৰ প্রতি ইউনিট বিদ্যুতত এটকাকৈ মাচুল হ্রাসৰো চিন্তা কৰিছে৷ সেইদৰে মহিলাসকলক অনাগত দিনত বিনামূলীয়াকৈ ম’বাইল দিয়াৰো ইচ্ছা থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিহালীত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণৰ সময়ত এগৰাকীয়ে সেই ধনেৰে ম’বাইল কিনাৰ চিন্তা কৰিছিল৷ মহিলা উদ্যমিতা আঁচনিৰ ধনেৰে মহিলাসকলক ম’বাইল ক্রয়ৰ পৰিৱর্তে সেই ধন সৎ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই অনাগত দিনত চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ ম’বাইল যোগান ধৰিব বুলিও কয়৷ অৱশ্যে এই কাম লাহে লাহে কৰিব৷ একেদৰে ৰেচন কার্ড থকা পৰিয়ালসমূহক অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ ৩০ টকা কম দামত চেনি আৰু দাইল আৰু ১০ টকা কম দামত নিমখ যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে৷ তদুপৰি ৰন্ধন গেছৰ মূল্য হ্রাস কৰাৰ চিন্তা কৰি থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান উজ্জ্বলা আঁচনিৰ একোটা গেছ চিলিণ্ডাৰৰ মূল্য ৫৫০ টকা৷ উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ নথকাসকলেহে ১,০৫০ টকাত চিলিণ্ডাৰ ক্রয় কৰি আহিছে৷ মহিলাসকলক সকাহ দিয়াৰ বাবে এই বছৰতে প্রতিটো চিলিণ্ডাৰৰ দাম ২০০ৰ পৰা ৩০০ টকা হ্রাস কৰাৰ চিন্তা কৰা হৈছে বুলি কয়৷ আনহাতে, ৰেচন কার্ড থকা পৰিয়ালৰ ছাত্র–ছাত্রীয়ে এতিয়াৰে পৰা আয়ৰ প্রমাণ–পত্র অবিহনে কলেজত বিনামূলীয়াকৈ নামভর্তি কৰিব পাৰিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বৰ দৰে এতিয়াৰে পৰা কলেজত নামভর্তিৰ বাবে ছাত্র–ছাত্রীসকলে গাঁওবুঢ়া, মৌজাদাৰ বা চক্র বিষয়াৰ পৰা আয়ৰ প্রমাণ–পত্র নানিলেও হ’ব৷ ইয়াৰ পৰিৱর্তে ছাত্র–ছাত্রীসকলে কলেজৰ অধ্যক্ষক ৰেচন কার্ডখন দেখুৱালেই বিনামূলীয়াকৈ নামভর্তিৰ ব্যৱস্থা কৰি দিব৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক অচিৰেই চৰকাৰী জাননী প্রকাশ কৰিবলৈ আহ্বান জনায়৷

You might also like