বার্তা বুৰো, ২৯ জুলাইঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলক মৌলবাদৰ জৰিয়তে অস্থিৰ কৰি সমগ্ৰ দেশৰ অখণ্ডতা আৰু সার্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা ভয়ংকৰ কায্যৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। দুদিন পূৰ্বে মৈৰাবাৰীৰ এখন মাদ্ৰাছাত অভিযান চলাই মুফটি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও নগৰৰ মাজ মজিয়াৰ মিলনপুৰত এখন কম্পিউটাৰ জেৰক্সৰ দোকান চলাই থকা ইমাম আফচৰুল ভূঞাক। উল্লেখ্য যে মহাৰাষ্ট্ৰত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা ৩৯ বছৰীয়া আফচৰুলক দীৰ্ঘ জেৰাৰ অন্তত মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে এই ব্যক্তিজনৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লোচনাবড়িত। এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে কয় যে গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্ত মুফটি মুস্তাফা আৰু আফচৰুদ্দিনে ইতিপূৰ্বে কলকাতাত গ্ৰেপ্তাৰ হোৱা আল কায়দা ইন ইণ্ডিয়ান চাব কণ্টিনেন্টৰ বাংলাদেশৰ আনছাৰউল বাংলা নামৰ কুখ্যাত মৌলবাদী সংগঠন তোৰ কুখ্যাত সদস্য অমিৰুদ্দিন আনছাৰিৰ পৰা বিগত পাঁচ বছৰৰ অধিক কাল ধৰি অবৈধভাৱে ধন লাভ কৰি আহিছিল। আনহাতে আজি কেইবাটাও চোৰাংচোৱা সংস্থা এন আই এ, আই বি, অসম আৰক্ষীৰ এছ বি আদিৰ দলে পৃথকে গ্ৰেপ্তাৰ হোৱা দুই জেহাদী শ্লিপাৰ চেলক জেৰা কৰাৰ উপৰি সোধা পোছাৰ বাবে আটক কৰা আন আঠগৰাকীক জেৰা কৰে।
প্ৰেৰক প্ৰাঞ্জল দাস