নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাত দাঙিলে আৰক্ষী বিষয়াই

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানাত আজি মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এক অভিযান চলায়। অভিযানত হাত দাঙিলে ফকিৰগঞ্জ আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শক ফয়জাল হুছেইন নামৰ আৰক্ষী বিষয়াগৰাকীয়ে। উল্লেখ্য যে বিষয়াগৰাকীয়ে ভুক্তভোগীৰ পৰা ৩০ হাজাৰ টকা উৎকোচ বিচাৰিছিল গোচৰ এটা নিষ্পত্তিৰ বাবে। আজি ভুক্তভোগীৰ পৰা ৮০০০ টকা লোৱাৰ সময়তে হাতে-লোটে ধৰা পেলায় মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ দলে বিষয়াগৰাকীক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like