জৰাজীৰ্ণ বেলশৰ-বিহামপুৰ পথ : ঠিকাদাৰ মস্তাফাক ব্লেকলিষ্টেডৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ
বিশেষ বাৰ্তা, ৩১ মাৰ্চঃ পূৰ্বৰ তৰুন গগৈ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত উত্তৰ-পূৱ পৰিষদ (এন ই চি) ত অন্তৰ্ভুক্ত নলবাৰী জিলাৰ ভিতৰতেই একমাত্ৰ গড়কাপ্তানী পথ বিহামপুৰ -বেলশৰ-ৰামপুৰ পথটিৰ শীঘ্ৰে নিৰ্মাণৰ দাবীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ নলবাৰী জিলা সমিতিয়ে দাবী জনাই অহাৰ সময়তে পথটিৰ ঠিকাদাৰ মস্তাফা আলীক ব্লেক লিষ্টিং কৰাৰ দাবী জনাইছে সংগঠনটোৱে।উল্লেখ্য যে,সংগঠনটোৱে পথ নিৰ্মানৰ দাবীত যোৱা বছৰৰ জুলাই মাহতেই নলবাৰী লোক নিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাক এখন স্মাৰকপত্ৰ প্ৰদান কৰে যদিও বিভাগটোৱে অদ্যাপি কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহন নকৰাত অৱশেষত পূৰ্বৰ ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহন কৰিৱলৈ দাবী জনায়।জিলাখনৰ এই গুৰুত্বপূৰ্ণ পথটিৰ বিধ্বস্ত অবস্থাই এতিয়া সৰ্ব সাধাৰণ ৰাইজক অতীষ্ঠ কৰি তুলিছে। জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ অন্যতম সদা ব্যস্ত গুৰুত্বপূৰ্ন পথ এইটো। নলবাৰী-পল্লা গড়কাপ্তানী পথৰ বিহামপুৰৰ পৰা বেলশৰ-পিপলিবাৰী হৈ গুৱাহাটী-দৌলাশাল-বৰপেটা সংযোগী গড়কাপ্তানী পথৰ ৰামপুৰলৈকে যোৱা পথটি মেৰামতি তথা নিৰ্মানৰ নামত বিগত সময়ত ব্যাপক কেলেংকাৰী,অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।একাংশ ঠিকাদাৰৰ দৌৰাত্ম্যৰ ফলত পথ নিৰ্মানৰ নামত সংঘটিত চৰম ভেকোঁভাওনাৰ বাবেই ইয়াৰ কুফল ভূগিব লগা হৈছে সৰ্ব সাধাৰণ ৰাইজে।প্ৰাপ্ত তথ্য মতে, বিজেপি-মিত্ৰজোঁট চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ২০১৮ চনৰ ২৪ আগষ্টত বিহামপুৰ চ’কত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এছ অ’ পি ডি আঁচনিৰ অধীনত বিহামপুৰ দিশৰ পৰা উক্ত পথৰ সাত কিঃমিঃ দৈৰ্ঘ্যৰ আৰু ৫’৫০ মিটাৰ প্ৰস্হৰ পথৰ অংশ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।সেই মৰ্মে পথটোৰ ঠিকা লাভ কৰে জিলাখনৰ ঘোগাৰ মোস্তাফা আলী নামৰ ঠিকাদাৰজনে।সেই মৰ্মে বিভাগটোৱে মুকালমুৱা ঘোগাৰ ঠিকাদাৰ মস্তাফা আলীক ২কোটি ৮১ লাখ ৫৩ হাজাৰ ৭৯৭ টকা আবণ্টন দিছিল। উল্লেখযোগ্য এই যে,ধৰ্মপুৰ পথ উপ-সংমণ্ডলৰো অধিনস্থ উক্ত পথটোৰ আঁচনি ৰূপায়ণৰ কাম সামৰণি ঘটিছিল ২০২০ চনৰ ১০ এপ্ৰিল।আঁচনিত উল্লেখ মৰ্মে পথটোৰ তত্বাৱধান কাল আছিল ২০২১ চনৰ ৯ এপ্ৰিল।কিন্তু পথ নিৰ্মাণৰ পিছত এবছৰ সম্পূৰ্ণ নহৌতেই জহি-খহি গৈছিল যদিও তত্বাৱধান শিতানৰ অধীনত কোনো ধৰণৰ মেৰামতি কৰা হোৱা নাছিল।আঁচনিত উল্লেখ মতে তত্বাৱধানৰ সমছোৱাত মেৰামতি নকৰাৰ বাবে বৰ্তমান পথচোৱা অতি শোচনীয় হৈ পৰিছে। উল্লেখ্য যে,২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা তদানীন্তন কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে তদানীন্তন স্থানীয় বিধায়ক তথা তদানীন্তন মন্ত্ৰী নীলমণিসেন ডেকাৰ উপস্থিতিত উক্ত পথচোৱা উত্তৰ-পূৱ পৰিষদ (এন ই চি )ৰ অধীনলৈ নি উন্নীতকৰনেৰ একোটাকৈ আধাৰশিলা বিহামপুৰ আৰু ৰামপুৰ চ’কত স্থাপন কৰা হয়।উক্ত পথেৰে বেলশৰৰ আৰক্ষী থানাকে ধৰি অসম চৰকাৰৰ ভালেমান বিভাগ আৰু বেংকলৈ এই পথেৰেই যাতায়ত কৰিব লগা হোৱাত যাত্ৰীসকলে জীয়াতু ভূগি আহিব লগা হৈছে। অসমৰ বিখ্যাত পৰ্যটনস্হলী বিল্বেশ্বৰ দেৱালয়লৈ অহা পৰ্যটক সকলো এই বিধ্বস্ত পথটোৰেই আহ-যাহ কৰিব লগা হৈছে।নাগৰিকৰ জীৱন বিপন্ন কৰি তোলা উক্ত পথটো উন্নত পদ্ধতিৰে শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ নলবাৰী জিলা সমিতিকে ধৰি ভুক্তভোগী লোকে চৰকাৰক দাবী জনাইছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন