বিশেষ বার্তা, ৩১ মে’ : বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে আজি নাহৰকটীয়া মহকুমা অসামৰিক চিকিৎসালয়ত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। এই উপলক্ষে আজি চিকিৎসালয়খনত “ধঁপাত উদ্যোগৰ হাতোৰাৰ পৰা নৱপ্ৰজন্মক সুৰক্ষিত কৰক” শীৰ্ষক এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। ধঁপাত নির্মাণকাৰী উদ্যোগপতিসকলে সাধাৰণতে নৱপ্ৰজন্মক নিজৰ মুখ্য গ্ৰাহক ৰূপে ব্যৱহাৰ কৰিবলৈ যি চেষ্টা চলাই আহিছে, তাক বাধা দিয়াৰ বাবে অনুষ্ঠানটোত মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বিশ্বজিত বৰুৱা, উপাধ্যক্ষ ডাঃ মঞ্জিত কুমাৰ বৰগোহাঁই আৰু ডাঃ প্ৰণৱ পাংয়াকে বক্তব্য ৰাখি ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু সমাজৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱৰ বিষয়ে উপস্থিতসকলক সজাগ কৰি তুলি সকলোকে ইয়াৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। আনহাতে, অনুষ্ঠানটো সামৰণি পেলোৱা হয় ধঁপাত ব্যৱহাৰৰ বিৰুদ্ধে এক সামূহিক শপত গ্ৰহণৰ যোগেদি।
প্ৰেৰক প্ৰাঞ্জল ভূঞা