নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুপ চেতিয়া-শশধৰ চৌধুৰী সুবিধাবাদী আলফা : নৱ শৰণীয়া

🔴পৰেশ বৰুৱালৈ আহ্বান- আজি আৰু সংঘাত কৰাৰ দিন নাই

🔴কোকৰাঝাৰত নৱ শৰণীয়াৰ বিকল্প নাই

🔴ভূমি পট্টাৰ পৰা বিটিআৰ লোক আজিও বঞ্চিত

🔴আলফাৰ চুক্তিৰ মাজত বিজেপিৰ এজেণ্ডা প্ৰকাশ পাইছে

বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ আজি দিছপুৰ প্ৰেছ ক্লাবত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত তেওঁ বিটিআৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। তেওঁ কয় ভূমি পট্টাৰ পৰা বিটিআৰ লোক আজিও বঞ্চিত। সেয়ে নিৰ্বাচনৰ পূৰ্বে ভূমিৰ সমস্যা সমাধানৰ দাবী জনায় তেওঁ। নিৰ্বাচনত ইভিএম মেচিনৰ পৰিৱৰ্তে বেলটত ভোটাধিকাৰ সাব্যস্ত কৰাৰো আহ্বান জনায় সাংসদ শৰণীয়াই। কয়লা খননৰ বাবে চৰকাৰে শেহতীয়াকৈ ছত্তিশগড়ৰ ৫০ হাজাৰ গছ কটা লৈও ক্ষোভ প্ৰকাশ সাংসদগৰাকীৰ। মদাহি কছাৰীসকলক জনজাতি কৰণৰ দাবী, বড়ো কছাৰীৰ দৰে শৰণীয়া কছাৰীকো সমমৰ্যদা দিয়াৰ দাবী জনালে সাংসদগৰাকীয়ে। আনহাতে আলফাৰ শান্তি চুক্তিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে সাংসদগৰাকীয়ে। তেওঁ কয়, প্ৰাক্তন আলফা কৰ্মী হিচাপে মই আজি ৰাইজৰ ক্ষমাপ্ৰাৰ্থী। এতিয়ালৈ ১৫ হাজাৰ লোকে সংগ্ৰাম কৰি প্ৰাণ আহুতি দিছে। অসমৰ ৰাইজে আলফাক এক বেলেগ শাৰীত ৰাখিছিল। কিন্তু এই চুক্তিয়ে কিন্তু অসমৰ বাবে ভাল ফলাফল নাপালে। সমষ্টি পুনঃ নিৰ্ধাৰণটো আলফা নেতাৰ মন্তব্য হ’বই নোৱাৰে । এয়া তেওঁলোকৰ যোগেদি ক’বলৈ বাধ্য কৰাইছে বিজেপিয়ে। বিজেপিৰ এজেণ্ডা এখন আলফা নেতাৰ হাতত তুলি দিছে বেলেগ একো নহয়৷ কেৱল জম্মু কাশ্মিীৰত নহয় ৩৭০ অধিকাৰ সমগ্ৰ অসমেও বিচাৰে। দুৰ্বল নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে এখন অতি দুৰ্বল চুক্তি হাতত তুলি দিলে। অসমৰ ৰাইজে এওঁলোকক পাৰিলে ক্ষমা কৰি দিয়ক। অনুপ চেতিয়া আৰু শশধৰ চৌধুৰী হৈছে আজিৰ দিনত আটাইতকৈ সুবিধাবাদী আলফা নেতা। আমি ২৫ বছৰ ধৰি আলফা নেতা হিচাপে আছিলো। আমাৰো নৈতিক দায়িত্ব আছে বাবে এইখিনি কথা ক’ব পাৰিছো ৷ পৰেশ বৰুৱালৈ আহ্বান আজিৰ দিনত সংঘাত কৰাৰ দিন নাই । পতাকাইদি নে বেলেগ প্ৰকাৰে শান্তি আনিব সেয়া পোনপটীয়াকৈ পাতক। মই আগতেই কৈছো অনুপ চেতিয়াই কেৱল আলফাৰ কাৰ্ডখন লৈ ৰাজনৈতিকভাৱে আগবাঢ়িব নোৱাৰে ৷ ৫ বছৰলৈ আমাক দায়িত্ব দিয়ক আমাৰ এজেণ্ডা কি দেখুৱাই দিম ৷ তেওঁ লগতে কয় যে কোকৰাঝাৰত নৱ শৰণীয়াৰ বিকল্প নাই ৷

You might also like