🔹 কলবাৰী গাঁৱৰ প্ৰথমগৰাকী এ চি এছ বিষয়া অনুপম দাস
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে ভৱানীপুৰৰ নিকটৱৰ্তী কলবাৰী গাঁৱৰ অনুপম দাস। অনুপম দাসে অসম লোকসেৱা আয়োগৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত ৮৫ নম্বৰ স্থানত কৃতিত্বৰে উত্তীৰ্ণ হৈছে। কলবাৰী গাঁৱৰ বিশিষ্ট নাগৰিক হৰিশচন্দ্ৰ দাস আৰু পৰদা দাসৰ পুত্ৰ অনুপম দাসৰ এই কৃতিত্ব তথা সফলতাৰ বাবে পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈছে। কোচিন বিশ্ববিদ্যালয়ৰ পৰা মেৰিন টেকনোলোজীত স্নাতক (বিজ্ঞান), মাদুৰী কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী, ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা এমবিএ, কলকাতাৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ স্নাতক ডিগ্ৰীধাৰী অনুপম দাসে ১৯৯৯ চনৰ পৰা ২০১৮ চনলৈ ভাৰতীয় নৌ সেনা বাহিনীত জুনিয়ৰ কমিছন অফিচাৰ (জে চি অ’) পদত চাকৰি কৰিছিল। ২০১৮ চনৰ পৰা বৰ্তমানলৈকে তেওঁ গুৱাহাটীৰ তেল শোধনাগাৰ নিগমত কনিষ্ঠ অভিযন্তাৰূপে কৰ্মৰত হৈ আছে। পিতৃ-মাতৃ, পত্নীৰে সৈতে একমাত্ৰ বাৰ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ অনুপম দাসে চাকৰিৰ ব্যস্ততা আৰু সাংসাৰিক ব্যস্ততাৰ মাজতো গভীৰ অধ্যয়নেৰে অসম লোকসেৱা আয়োগৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিছে।উল্লেখ্য যে অনুপম দাসে কলবাৰী গাঁৱৰ প্ৰথমগৰাকী এ চি এছ বিষয়াৰূপে চাকৰিত যোগদান কৰিব।
প্ৰেৰক ভূষণ তালুকদাৰ