খেলুৱৈক ভিছাত বাধা চীনৰ : ভ্ৰমণ বাতিল অনুৰাগ ঠাকুৰৰ
বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ চীন ভ্ৰমণ বাতিল অনুৰাগ ঠাকুৰৰ। চীন ভ্ৰমণৰ বাবে তিনিগৰাকী ভাৰতীয় খেলুৱৈক ভিছা নিদিয়াৰ প্ৰতিবাদত চীন ভ্ৰমণ বাতিল কৰে ভাৰতৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে চীনে অৰুণাচল প্ৰদেশৰ তিনিগৰাকী খেলুৱৈক ভিছা প্ৰদান কৰা নাছিল। ভাৰতৰ উশ্বু (এবিধ যুদ্ধ কলা) দলৰ তিনিগৰাকী মহিলা খেলুৱৈয়ে এছিয়ান গেমছত খেলিব পৰা নাছিল। সেইবাবেই এই সিদ্ধান্ত ক্ৰীড়ামন্ত্ৰীগৰাকীৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, ‘নতুন দিল্লীৰ পৰা তীব্ৰ প্ৰতিবাদ। তাৰ সমান্তৰালকৈ বেইজিঙত থকা ভাৰতীয় দূতাবাসেও প্ৰতিবাদ সাব্যস্ত কৰিছে। চীনে ইচ্ছাকৃতভাৱে আমাৰ খেলুৱৈসকলক যাবলৈ নিদিলে। এছিয়ান গেমছৰ নিয়ম ভংগ কৰিছে।” এইবাৰৰ এছিয়ান গেমছ চীনৰ হাংঝুত অনুষ্ঠিত হৈছে। চীনে তিনিগৰাকী ভাৰতীয় মহিলা উশ্বু খেলুৱৈ নেইমান ৱাংছু, অনিলু টেগা আৰু মেপুং লামগুক ভিছাৰ পৰা বঞ্চিত কৰিছে। ১১জনীয়া উশ্বু দলটো এছিয়ান গেমছলৈ যোৱাৰ কথা আছিল। সেই দলটোত আছিল সাতজন পুৰুষ আৰু চাৰিগৰাকী মহিলা খেলুৱৈ। তেওঁলোকৰ বিমানখন বুধবাৰে নিশা আছিল। কিন্তু সেই তিনিজন খেলুৱৈয়ে ক্লিয়াৰেন্স নাপালে। দলটোৰ সৈতে বিমানত উঠিব নোৱাৰা সেই তিনিগৰাকী খেলুৱৈক দিল্লীৰ এখন হোষ্টেলত ৰখা হৈছে। ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব উশ্বু প্ৰতিযোগিতা। ২৮ ছেপ্টেম্বৰলৈকে চলিব। এইবাৰ জুলাই মাহতো একেধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। ভাৰতীয় ৱুছুৰ দলটোৱে বিশ্ব বিশ্ববিদ্যালয় গেমছত অংশগ্ৰহণ কৰিবলৈ চীনৰ চেংডুলৈ যোৱাৰ কথা আছিল। তেতিয়াও চীনে এই তিনিজন খেলুৱৈক ভিছা নিদিলে। দিল্লীৰ পৰা চীন অভিমুখী বিমানখনত উঠিব লাগিছিল ৮গৰাকী ভাৰতীয় খেলুৱৈ। বিমানত উঠাৰ কেইমিনিটমান পূৰ্বে সমগ্ৰ দলটোক দিল্লী বিমানবন্দৰত ৰখাই দিয়া হয়। সেই দলৰ পাঁচজন খেলুৱৈ, দুজন সহযোগী কৰ্মচাৰী আৰু প্ৰশিক্ষক ৰাঘবেন্দ্ৰ সিঙৰ কোনো এজনো অৰুণাচলৰ বাসিন্দা নাছিল। কিন্তু প্ৰথম অৱস্থাত অৰুণাচলৰ তিনিজন উশ্বু খেলুৱৈও যোৱাৰ কথা আছিল। ১৬ জুলাইত সমগ্ৰ দলটোৱে চীনৰ ভিছাৰ বাবে আবেদন কৰিছিল। সকলো ভিছা দিয়া হৈছিল যদিও চীন কৰ্তৃপক্ষই অৰুণাচলৰ তিনিগৰাকী খেলুৱৈৰ ভিছা প্ৰদান কৰা নাছিল। চীনৰ দূতাবাসে তিনিওগৰাকী খেলুৱৈক পিছত ভিছাৰ বাবে আবেদন কৰিবলৈ কয়। তাৰ পিছত তেওঁলোকক ষ্টেপল ভিছা (সাধাৰণ ভিছা নহয়) দিয়া হয়। ভাৰতৰ মতে এছিয়ান গেমছৰ বাবেও ইচ্ছাকৃতভাৱে তিনিওজন খেলুৱৈক ভিছা দিয়া হোৱা নাছিল। অৰিন্দমে কয়, ‘অৰুণাচলৰ একাংশ খেলুৱৈক ইচ্ছাকৃতভাৱে ভিছাৰ পৰা বঞ্চিত কৰা হৈছিল। ইতিমধ্যে চীনে ঠিক কৰি পেলাইছিল। এই অৰুণাচল খেলুৱৈসকলক ভাৰতৰ বাকী খেলুৱৈৰ পৰা পৃথকে দেখাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো। অৰুণাচল আমাৰ দেশৰ এক অবিচ্ছেদ্য অংগ। দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।’