নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান দখলেৰে নাহৰকটীয়ালৈ গৌৰৱ কঢ়িয়ালে অনুৰাগে

নিয়মীয়া বাৰ্তা, ২২ জুন : কালি ঘোষণা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ বাণিজ্য বিভাগৰ চূড়ান্ত ফলাফল (চি বি চি এছ)ত নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ অনুৰাগ ভট্টাচাৰ্যই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ নাহৰকটীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।নাহৰকটীয়া বালিজান নিৱাসী অচিত ভট্টাচাৰ্য আৰু অপৰ্ণা ভট্টাচাৰ্যৰ সন্তান অনুৰাগে Finance and Accounting বিষয়ত সৰ্বমুঠ ৮.৯৩ চি জি পি এ লাভ কৰি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে অনুৰাগে মহাবিদ্যালয়খনৰ বাবে এই কৃতিত্ব কঢ়িয়াই অনাৰ বাবে আজি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কক্ষত অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰ, প্ৰশাসনিক সমন্বয়ক ড০ স্মৃতিৰেখা গগৈ গায়ন, শৈক্ষিক সমন্বয়ক অধ্যাপক নৱজিত দত্ত আদিকে ধৰি কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা উপস্থিত থকা এক চমু অনুষ্ঠানত অনুৰাগৰ লগতে তেওঁৰ পিতৃক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰগৰাকীৰ আগন্তুক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। একেদৰে অনুৰাগ ভট্টাচাৰ্যই এই ঈর্ষণীয় প্ৰদৰ্শনেৰে বৃহত্তৰ নাহৰকটীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা বাবে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক শৈক্ষিক যাত্ৰাৰ বাবে শুভকামনা জ্ঞাপন কৰিছে নাহৰকটীয়াৰ বিধায়ক তথা অসম যুৱ আয়োগৰ সভাপতি তৰংগ গগৈয়ে। প্ৰণিধানযোগ্য যে প্ৰতিষ্ঠা কালৰে পৰা নাহৰকটীয়া মহাবিদ্যালয়ৰ কলা আৰু বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত অতি উন্নত মানৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ সফল হোৱাৰ লগতে এইবাৰো উচ্চতৰ আৰু স্নাতক শ্ৰেণীত কলা আৰু বাণিজ্য শাখাত ৬ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like