📌 জিলা পৰিষদ–আঞ্চলিক পঞ্চায়তত নিজ পছন্দৰ প্রার্থীক দলীয় টিকট দিবলৈ কামৰূপ গ্রাম্যৰ জিলা কংগ্রেছৰ সভাপতিক মীৰা বৰঠাকুৰ গোস্বামীৰ পত্র
📌 মীৰা বৰঠাকুৰে ধনৰ বিনিময়ত প্রার্থিত্বৰ বাবে হেঁচা দিয়াৰ অভিযোগ, ভূপেন বৰালৈ লিখিত অভিযোগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ আভ্যন্তৰীণ বাদ–বিসম্বাদ আৰু চৰম অৰাজকতাত কক্বকাই থকা ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত এতিয়া প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণাও হৈ পৰিছে অসাৰ৷ কংগ্রেছৰ একাংশ বিধায়কে নতুন দিল্লীত ভূপেন বৰাক সভাপতি পদৰ পৰা পদচ্যুত কৰিবলৈ তৎপৰতা অব্যাহত ৰখাৰ সময়তে আসন্ন পঞ্চায়ত নির্বাচনৰ দলীয় টিকটক লৈ ইতিমধ্যে ভূপেন বৰাই ঘোষণা কৰা নীতি–নিয়মকো একাংশই অসাৰ প্রতিপন্ন কৰি তুলিবলৈ উঠিপৰি লাগিছে৷ এইক্ষেত্রত সভাপতি বৰাৰ বিপৰীত মেৰুত অৱস্থান কৰিছে প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে৷ উল্লেখ্য যে এইবাৰ পঞ্চায়ত নির্বাচনত দলীয় প্রার্থী বাছনিৰ ক্ষেত্রত প্রদেশ কংগ্রেছ জড়িত নহয় বুলি ইতিমধ্যে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰিছে৷ সভাপতি বৰাৰ ঘোষণা অনুসৰি গাঁও পঞ্চায়তৰ দলীয় টিকট মণ্ডল কংগ্রেছে, আঞ্চলিক পঞ্চায়তৰ দলীয় টিকট ব্লক কংগ্রেছে আৰু জিলা পৰিষদৰ দলীয় টিকট জিলা কংগ্রেছেহে চূড়ান্ত কৰিব৷ ইয়াত প্রদেশ কংগ্রেছে কোনোধৰণৰ হস্তক্ষেপ নকৰে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ তৰফৰ পৰা যাৱতীয় নীতি–নির্দেশনাও ইতিমধ্যে প্রকাশ কৰিছে৷ পিছে ভূপেন বৰাৰ এই স্থিতিৰ বিপৰীতে প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে তেওঁৰ অনুগত একাংশক আসন্ন নির্বাচনত দলীয় টিকট দিবলৈ দলৰ কামৰূপ গ্রাম্য জিলাৰ সভাপতিলৈ এখন পত্র প্রেৰণ কৰিছে৷ কামৰূপ গ্রাম্য জিলাৰ কংগ্রেছ সভাপতিলৈ প্রেৰণ কৰা পত্রখনত জিলাখনৰ পঞ্চতীর্থ জিলা পৰিষদৰ আসনখনৰ বাবে হাজো ব্লক মহিলা কংগ্রেছৰ সভানেত্রী মুনিয়াৰা বেগম, বামুণবড়ী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে চমৰীয়া ব্লক মহিলা কংগ্রেছৰ সভানেত্রী নাজিৰা বেগম, সোণতলী টপামাৰী জিলা পৰিষদৰ সদস্যপদত দিলোৱাৰা হাছিন আৰু সোণতলী চৌধুৰী পামৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত মির্জা বাবৰ আলীক দলীয় টিকট প্রদান কৰিবলৈ ছুপাৰিশ কৰিছে৷ মীৰা বৰঠাকুৰ গোস্বামীৰ মতে, উল্লিখিত দলীয় সদস্যকেইগৰাকী এইবাৰ পঞ্চায়ত নির্বাচনত দলীয় টিকটৰ বাবে তেওঁৰ লগত সম্পর্কত আছে আৰু দলীয় কামত সক্রিয়ভাৱে জড়িত৷ যোৱা লোকসভা নির্বাচনত সেইসকল ব্যক্তিয়ে তেওঁক সহযোগ কৰিছিল৷ পত্রখনত গোস্বামীয়ে আৰু কয় যে তেওঁ যিহেতু এআইচিচিৰ গুজৰাটৰ বৈঠকলৈ যাব সেয়ে বিষয়টো অগ্রাহ্য নকৰিবলৈ আহ্বান জনাই কয় যে বিগত সময়ত তেওঁ লিখিতভাৱে ব্লক সভাপতি সম্পর্কত দিয়া বিষয়টো একেবাৰে অগ্রাহ্য কৰিছিল৷ এইবাৰ অগ্রাহ্য নকৰিবলৈ তেওঁ আহ্বান জনায়৷ প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ সেই পত্রৰ পিছতে কামৰূপ গ্রাম্য জিলা কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই সম্পর্কত কামৰূপ গ্রাম্য জিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলামে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰালৈ প্রেৰণ কৰা এক পত্রত মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে ধনৰ বিনিময়ত দলীয় প্রার্থিত্ব দিয়াৰ বাবে জিলা কংগ্রেছৰ সভাপতিলৈ হেঁচা প্রয়োগ কৰাৰ গুৰুতৰ অভিযোগ কৰে৷ পত্রখনত ইছলামে কয় যে ২০২১ৰ বিধানসভা নির্বাচনত প্রথমে এআইইউডিএফ পিছত এনচিপি দলৰ হৈ পঞ্চায়ত নির্বাচনত অৱতীর্ণ হোৱা আনোৱাৰ হুছেইনক দলে প্রক্ষেপ কৰাৰ বাবে হাজোত বহু বিতর্ক হৈছিল আৰু কংগ্রেছ প্রার্থীগৰাকীয়ে মাত্র ২৭ হাজাৰ ভোট পাই পৰাজিত হৈছিল৷ ইয়াৰ বিপৰীতে তেওঁৰ পত্নী হাছিনা বেগম ২০১৩ চনৰ পঞ্চায়ত নির্বাচনত ২নং জিলা পৰিষদত ৩২ হাজাৰ ভোট পাই জয়লাভ কৰিছিল৷ এইবাৰো তেওঁৰ পত্নী হাছিনা বেগমে ২নং পঞ্চতীর্থ জিলা পৰিষদৰ দলীয় প্রার্থিত্ব বিচাৰি আবেদন কৰিছে৷ হাজো ব্লক কংগ্রেছ কমিটীয়ে তেওঁৰ পত্নীক দলীয় প্রার্থিত্ব দিয়াৰ সমর্থন কৰাৰ পিছতে প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে ব্লক কংগ্রেছৰ সিদ্ধান্তক অমান্য কৰি হাজোত আনোৱাৰ হুছেইনৰ জীয়ৰী মুনি আখতাৰক ধনৰ বিনিময়ত দলীয় প্রার্থিত্ব দিব লাগে বুলি জিলা সভাপতিক হেঁচা প্রয়োগ কৰি পত্র প্রেৰণ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক এই বিষয়টো অনুসন্ধান কৰি ব্যৱস্থা লোৱাৰ বাবে পত্রখনত অনুৰোধ জনায়৷ আনহাতে প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে ছুপাৰিশ কৰা প্রার্থী তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ পছন্দৰ আটাইকেইগৰাকী প্রার্থীয়েই হৈছে ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ৷ আনকি তেওঁ গুৱাহাটী লোকসভা সমষ্টিতেই নিজ পছন্দৰ প্রার্থী প্রক্ষেপ কৰাতেই সীমাবদ্ধ নাথাকি বৰপেটা লোকসভা সমষ্টিৰ অন্তর্গত হাজোতো নিজ পছন্দৰ প্রার্থী প্রক্ষেপ কৰিব বিচৰাক লৈ দলৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ প্রদেশ কংগ্রেছে পঞ্চায়তৰ টিকট প্রদানৰ ক্ষেত্রত গ্রহণ কৰা নীতিৰ বিপৰীত মেৰুত মহিলা কংগ্রেছৰ সভানেত্রীয়ে অৱস্থান কৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷