‘আপকু’ৰ বাঘজান ভ্ৰমণঃ মানৱাধিকাৰ খৰ্ব হৈছে বাঘজানত ক্ষতিগ্ৰস্তৰ জৰীপত বিসঙ্গতি
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ কেতিয়াবা শিৱিৰৰ পাছফালে গৈ কোনেও নজনাকে বিহপান কৰিবলৈ মন যায়। ‘আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্টছ ইউনিয়ন’ চমুকৈ ‘আপকু’ৰ তিনিচুকীয়া জিলা সমিতিৰ এটা সঁজাতী দলে অইলৰ জ্যেষ্ঠ অভিযন্তা (ইকেক্ট্ৰিকেল) অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যুৰ দিনা অভিশপ্ত বাঘজানত উপস্থিত হৈ চৰজমিন অনুসন্ধান চলোৱা কালত বাঘজানৰ ৰূপকোঁৱৰ জাতীয় বিদ্যালয়স্থিত ৪৮ টা পৰিয়ালযুক্ত আশ্ৰয় শিৱিৰৰ এগৰাকী দুৰ্ভগীয়া মহিলাই এনেদৰে কৈ উচুপিছিল। ক্ষণিকৰ বাবে পৰিৱেশটোৱেই গোমা হৈ পৰিছিল। সাংবাদিক সংগঠনটোৰ সভাপতি ৰবীন মৰাণ আৰু সম্পাদক মনোৰঞ্জন নেওগৰ নেতৃত্বত যোৱা দলটোৱে বি জি আৰ- ৫ ৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত থকা শিৱিৰটোত শিৱিৰবাসীৰে বাৰ্তালাপ কৰাৰ সময়ত খাদটোৰ পৰা সৃষ্টি হোৱা ব্ল’আউটৰ শব্দই অশান্ত কৰি তুলিছিল। শিৱিৰবাসীৰ অভিযোগ- খাদ্যমুঠিৰ বাদে আন কোনোধৰণৰ সা- সুবিধাই নাই শিৱিৰত। ৪৮ টা পৰিয়ালৰ মাজত মাথোঁ ৩ টাকৈ শৌচালয় আৰু গাধোৱা ঘৰ। ১১ টা বাসগৃহ ভস্মীভূত হোৱা পৰিয়ালকেইটাৰ বাদে আনসকলে কোনোধৰণৰ ক্ষতিপূৰণ পোৱা নাই। তিনিমাহৰ পূৰ্বে প্ৰতিটো পৰিয়ালকে প্ৰদান কৰা ৩০ হাজাৰ টকাও এপাচি শাকত এটা জালুকৰ দৰে। উক্ত পৰিমাণৰ ধনো প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ল প্ৰায় ১৫ টা পৰিয়াল। শব্দ আৰু বায়ু প্ৰদূষণে কোঙা কৰি পেলালে বাঘজানবাসীক। শ্ৰৱণ শক্তিৰ বিলুপ্তি, মানসিক অশান্তি, শাৰীৰিক দুৰ্বলতা, স্বাস- প্ৰস্বাসজনীত ৰোগ, চৰ্মৰোগ, অল্প নিদ্ৰা আদিয়ে ৰোগীয়া কৰি তুলিছে বাঘজানবাসীক। কেনেবাকৈ কোনো লোক ক’ভিড-১৯ ত আক্ৰান্ত হ’লে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ব বাঘজানত। ল’ৰা- ছোৱালীৰ শিক্ষাব্যৱস্থা কিম্বা শৈক্ষিক পৰিৱেশ সুদূৰ পৰাহত। বিদ্যালয়সমূহ খোলাৰ পাছত ক’ত থাকিব শিৱিৰবাসী? তেওঁলোকৰ প্ৰশ্ন। ২৪ আগষ্টৰ পৰা বাঘজানবাসীয়ে গাঁৱৰ আশ্ৰয় শিৱিৰ ত্যাগ কৰি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত দুটা শিৱিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে যোৱা ২৬ আগষ্ট তাৰিখে জিলা প্ৰশাসনে আৰক্ষীৰ হতুৱাই দ্বিতীয়টো শিৱিৰ নিৰ্দয়ভাৱে ভাঙি নিয়ে। হাঁহ- কুকুৰা, গৰু- ছাগলী, মহ আদি পোহনীয়া জীৱ- জন্তুৰ ঠিকনা নোহোৱা হ’ল। গৰু, ছাগলী, হাঁহ- কুকুৰা, বন্য পক্ষীকে ধৰি জীৱ- জন্তু, মাছ- কাছ, শিহুকে ধৰি জলচৰ প্ৰাণী মৃত্যু মুখত পৰাই নহয়, প্ৰদূষণৰ কু- প্ৰভাৱত গৰু- ছাগলীয়ে মৃত পোৱালি প্ৰসৱ কৰিছে। কেৱল জীৱ- জন্তুয়েই নহয়, যোৱা ১৭ আগষ্ট তাৰিখে সুমিলা মল্লা নামৰ যুৱতীগৰাকীয়ে মৃত পুত্ৰ সন্তান প্ৰসৱ কৰিলে। ভূ- কম্পনে নিদ্ৰা হৰণ কৰিছে বাঘজানবাসীক। অইলৰ চিকিৎসকৰ দল শিৱিৰসমূহলৈ আহে যদিও বেমাৰৰ লক্ষণ সুধি বিনামূলীয়া ঔষধ প্ৰদান কৰাত বাদে চিকিৎসা সঁজুলি ব্যৱহাৰ, ইনজেকচন দিয়া কিম্বা প্ৰেছক্ৰিপচন প্ৰদান আদিৰ নজিৰ নাই। অভিযোগ অনুসৰি চিকিৎসক কিম্বা চিকিৎসা কৰ্মীয়ে ৰোগীৰ ভাষা বুজি পোৱাত অসুবিধা হ’লে শিৱিৰবাসীক বুজাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে অভব্য আচৰণ কৰে। আন এক গুৰুতৰ অভিযোগ অনুসৰি বাঘজানবাসীৰ বহিঃ অঞ্চলৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ডুমডুমা দিশৰ মূল পথটোৰ ওপৰত ৰূপাই চাহ বাগিচা স্থিত দলংখন বলিয়া বানে ভাঙি পেলোৱাৰ পাছত পথটো যোগাযোগৰ বাবে বন্ধ হৈ পৰে। মাগুৰি- মতাপুং দিশৰ মূল ৰাস্তাটোত অভিশপ্ত খাদটোৰ অৱস্থিতিৰ হেতু সৰ্বসাৰণৰ বাবে ‘ছিল্ড’ কৰি দিয়া হৈছে পথটো। আনটো গুৰুতৰ অভিযোগ হৈছে ৰোগীসকলক এম্বুলেন্সৰ জৰিয়তে অইলৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত ‘বাঘজানৰ মানুহক চিকিৎসা কৰি আমনি লাগিছে’ ধৰণৰ মন্তব্য কৰাৰ অভিযোগ আছে। অৰ্থাৎ বাঘজানবাসীৰ অসুস্থতাৰ হাৰ আমনি লগাব পৰা ধৰণৰ। শিৱিৰবাসীৰ মুখত এটাই কথা- তেওঁলোক কেৱল প্ৰাণ লৈ জীয়াই আছে। খৰ্ব কৰা হৈছে মানৱাধিকাৰ।
শিৱিৰৰ বাহিৰত কি দেখিলো? বি জি আৰ ৫ ৰ কেউকাষৰ বাট- পথ, খাল- ডোং সকলোতে অইল কৰ্মচাৰী, সুৰক্ষা বাহিনীৰ দ্বাৰা ব্যৱহৃত ডিস্প’জেল থালি, গিলাচ, বটল আদি প্লাষ্টিক জাতীয় আৱৰ্জনাৰ দমে ভয়াবহ প্ৰদূষণৰ সৃষ্টি কৰিছে। পানী যোগানৰ স্বাৰ্থত নলা- নৰ্দমা, খাল, কালভাৰ্ট আদি ভেটি দিয়াৰ ফলত বি জি আৰ ৫ ৰ উজনিৰ ব্ৰজেন বড়া, ৰত্নেশ্বৰ হাজৰিকা, দীপজ্যোতি হাজৰিকাকে ধৰি কেইবাগৰাকী লোকৰ খেতিমাটি প্ৰদূষিত পানীৰে ভৰি পৰিছে। কৰ্তব্যৰত সময়ত অগ্নি নিবাৰ্পক বাহিনীৰ লোকে বি অ’ পি সংলগ্ন ‘ৰাইজাৰ’ৰ শীৰ্ষত জ্বলন্ত অগ্নি প্ৰশমনৰ বাবে পানী ছটিওৱাৰ সময়ত পানীৰ সতে প্ৰাকৃতিক গেছ আৰু ক’ণ্ডেনছেট তললৈ উভতি আহি মাটি- পানী প্ৰদূষিত কৰিছে। তাৎপৰ্যপূৰ্ণ কথা এইটোহে যে উক্ত ধৰণেৰে প্ৰদূষিত হোৱা পানী খেতি মাটিত আৱদ্ধ হৈ পৰাৰ পাছত অতিৰিক্ত পানীখিনি বৈ গৈ পুনৰ উজনি দিশৰ মাগুৰী- মতাপুং বিল (ৱেট লেণ্ড)ত পৰিছেগৈ। আনহাতে ক্ষতিগ্ৰস্তৰ ক্ষতিৰ মূল্যায়নো সঠিকভাৱে সম্পন্ন নোহোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যে নাম্বাৰ ৱান কেটেগ’ৰিত পৰা এঘাৰটা পৰিয়ালে ২০ লাখকৈ ক্ষতিপূৰণ পালে যদিও প্ৰায় সমপৰিমাণৰ পৰিয়াল উক্ত সুবিধা প্ৰাপ্তিৰ পৰা দুৰ্ভাগ্যজনকভাৱে বাদ পৰি ৰ’ল। উদাহৰণস্বৰূপে বি জি আৰ ৫ ৰ নিকটৱৰ্তী বাসগৃহ ভস্মীভূত নহ’লেও সমপৰিমাণে ক্ষতিগ্ৰস্ত (ব্যৱহাৰৰ অনুপযোগী) হোৱা বীৰেণ মূঢ়া, উমাকান্ত বৰুৱা, দণ্ডেশ্বৰ বড়া, ভৱেন বড়া, পুলিন চেতিয়া, মিণ্টু বড়া, মহেন্দ্ৰ বড়া, আদিত্য বড়া, চন্দ্ৰ বড়া, ব্ৰজেন বড়া, জলিন বড়া আদিৰ নাম কাৰ চক্ৰান্তৰ বলি হৈ তালিকাভূক্ত নহ’ল সেয়াও ৰহস্যৰ আৱৰ্তত। সকলো প্ৰকাৰৰ নাম তালিকা প্ৰস্তুত কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণৰ দায়িত্বত থকা ডুমডুমা ৰাজহ চক্ৰ বিষয়া নন্দিতা ৰয় গোহাঁইৰ ওপৰতো সন্দেহৰ আঙুলি টোৱাইছে বাঘজানবাসীয়ে।