বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : এছিয়াৰ আটাইতকৈ ডাঙৰ আৰু বিশ্বাসযোগ্য চিকিৎসালয় এপ’ল’ হাস্পতালত সফলতাৰে সম্পন্ন হৈ যায় ৰবটিক সহায়ক ফাষ্ট ট্রেক সম্পূর্ণ আঁঠু সংস্থাপন অস্ত্রোপচাৰ৷ এই অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰে চেন্নাই এপ’ল’ হাস্পতালৰ জ্যেষ্ঠ অর্থপেডিক ছার্জন ডাঃ মাধন থিৰুভেংগাডাই৷ এই অস্ত্রোপচাৰ সম্পূর্ণ কৰিছিল মাত্র ৩ ঘণ্টাৰ ভিতৰত৷ মন কৰিব লগা যে এই অস্ত্রোপচাৰৰ কৌশল ডাঃ মাধন থিৰুভেংগাডাই প্রথমবাৰৰ বাবে এপ’ল’ হাস্পতালত আৰম্ভ কৰিছিল ২০২১ চনত ক’ভিড মহামাৰীৰ সময়ত৷ যেতিয়া অধিকসংখ্যক ৰোগীয়ে আঁঠুৰ বিষৰ লগতে আন যিকোনো অস্ত্রোপচাৰৰ বাবে চিকিৎসালয়লৈ যাবলৈ দ্বিধাবোধ কৰিছিল৷ অষ্ট আথাৰাইটিছ এনে এক অৱস্থা য’ত বয়স আৰু অত্যধিক পৰিশ্রমৰ বাবে আঁঠুৰ গাঁঠিৰ কাটিলেজ সম্পূর্ণৰূপে ক্ষয় হৈ হাড়ৰ মাজৰ সুৰক্ষামূলক স্থান কমি যায়৷ দীর্ঘদিন ধৰি অৱহেলাৰ ফলত গাঁঠিৰ হাড়ৰ মাজত ঘর্ষণ ঘটে৷ যিয়ে গতিশীলতা হ্রাস কৰি আঁঠুৰ গাঁঠিত জটিলতা অধিক বৃদ্ধি কৰে৷ আঁঠু সংস্থাপন অস্ত্রোপচাৰৰ গতানুগতিক পদ্ধতিত সাধাৰণতে ৰোগী চিকিৎসালয়ত ৭ দিন বা তাতকৈ অধিক দিনৰ বাবে থাকিব লগা হয়৷ কিন্তু চেন্নাই এপ’ল’ হাস্পতালত ডাঃ মাধন থিৰুভেংগাডাই এই ৰবটিক সহায়ক ফাষ্ট ট্রেক আঁঠু সংস্থাপন অস্ত্রোপচাৰৰ জৰিয়তে সফলতাৰে অস্ত্রোপচাৰ সম্পন্ন কৰি ৰোগীক ২৪–৪৮ ঘণ্টাৰ ভিতৰতে হাস্পতালৰ পৰা যাবলৈ দিব পৰা হয়৷