নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ গুৱাহাটীৰ বৰাগাঁওস্থিত এপল’ এক্সেল কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ধনৰ লালসাত ৰোগীক ভুল চিকিৎসাৰে মৃত্যুমুখলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে উক্ত চিকিৎসালয়খনত ১৮ নৱেম্বৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা মৰিগাঁৱৰ ভদ্ৰকান্ত বৰা নামৰ ৰোগীগৰাকীৰ আত্মীয়ই। মৰিগাঁৱত সংবাদ মেলৰ জৰিয়তে গৌতম বৰাই তেওঁৰ পিতৃ তথা মৰিগাঁও সমাজ জীৱনৰ অগ্ৰণী ব্যক্তি ভদ্ৰকান্ত বৰাৰ মৃত্যুৰ বাবে পোনপটীয়াকৈ গুৱাহাটীৰ বৰাগাঁওস্থিত এপল’ এক্সেল কেয়াৰ হাস্পতালৰ ভুল চিকিৎসাকে দায়ী কৰি সংবাদ মেলত প্ৰয়াত ভদ্ৰকান্ত বৰাৰ বৰপুত্ৰ গৌতম বৰাই জানিবলৈ দিয়া অনুসৰি যোৱা ১২ নৱেম্বৰত তেওঁৰ দেউতাক পৰি যোৱাৰ পিছত মূৰৰ ভিতৰত আঘাত পাইছে নেকি সেইটো নিশ্চিত কৰিবলৈ উক্ত এপল’ এক্সেল কেয়াৰ হাস্পতালৰ নিউৰ’লজিষ্ট ডাঃ লক্ষ্যজ্যোতি বসুমতাৰীৰ অ পি ডি এপইন্টমেন্ট লৈ ১৩ নৱেম্বৰত উক্ত চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে লৈ গৈছিল। কিন্তু হাস্পতালখন পোৱাৰ পিছতেই অ পি ডিৰ পৰিবৰ্তে জৰুৰীকালীন চিকিৎসাৰ কক্ষলৈ লৈ যাবলৈ দিয়ে আৰু প্ৰাথমিক পৰীক্ষাৰ অন্তত জৰুৰীকালীন সেৱাৰ চিকিৎসকে ৰোগীৰ দেহত ছডিয়াম কমি থকা, হাড় ভঙা বুলি কোৱাৰ লগতে চিটি স্কেন কৰি মূৰত তেজ জমা হোৱা বুলি কৈ ৰোগীক আই চি ইউত ভৰ্তি কৰি নিউৰ’ছাৰ্জন ডাঃ দেৱ কুমাৰ বৰগোহাঁইৰ তত্বাৱধানত চিকিৎসা কৰিব লাগিব বুলি অভিভাৱকক একাধিকবাৰ হেঁচা প্ৰয়োগ কৰে। দেউতাক সুস্থ হোৱাৰ আশাত আই চি ইউত ভৰ্তি কৰিবলৈ বাধ্য হৈ পৰে। আনহাতে সন্ধিয়া ভাগলৈ চিকিৎসকে পৰীক্ষা কৰি হাৰ্ট, লিভাৰ সকলো ঠিকেই থকা বুলি জানিব দিয়ে। লগতে ভঙা হাড়ৰ দৰৱ খালেই ভাল হ’ব বুলি অথ’পেডিকৰ চিকিৎসকেও ৰোগী অভিভাৱকক জানিবলৈ দিছিল। আনকি নিউৰ’ছাৰ্জন ডাঃ দেৱ কুমাৰ বৰগোহাঁইয়ে দুদিনত ঠিক হৈ যাব বুলি অভিভাৱকক আশ্বস্ত কৰিছিল। অৱশ্যে পিছদিনাখন আই চি ইউত থকা দেউতাকে সুস্থ হৈ তেওঁৰ দুই পুত্ৰক বিচৰা বুলিও আই চি ইউ কৰ্তৃপক্ষই জানিবলৈ দিছিল যদিও অস্থিৰ আচৰন কৰা বাবে টোপনি ইনজেকচন দিয়া বুলি জনায়। এইক্ষেত্ৰত ৰোগী অভিভাৱকক নজনোৱাকৈ কিয় টোপনিৰ ইনজেকচন দিয়ালে বুলি প্ৰশ্ন কৰাত দায়সৰা মন্তব্য কৰা বুলি গৌতম বৰাই সংবাদ মেলত প্ৰকাশ কৰে। আনহাতে গৌতম বৰাই প্ৰকাশ কৰা উক্ত দিনা দুপৰীয়া সংজ্ঞা লাভ কৰি ৰোগীগৰাকীয়ে তেওঁক তাৰ পৰা লৈ যাবলৈ জোৰ কৰি কয় যদিও সম্পূৰ্ণ সুস্থ হোৱাৰ আশাৰে বুজাই বঢ়াই ৰাখে। কিন্তু আই চি ইউত থকা তেওঁৰ পিতৃক তেওঁলোকক নজনোৱাকৈ পুনৰ এটা ইনজেকচন দিয়াৰ পিছত পুনৰ সংজ্ঞাহীন হৈ পৰে, পিছত কফ আৰু নিউম’নিয়া হৈ শৰীৰৰ অৱস্থা বেয়ালৈ ঢাল খোৱা ভেন্টিলেচনত ৰাখে আৰু ১৮ নৱেম্বৰৰ ষষ্ঠ দিনা অভিযোগকাৰীৰ দেউতাকৰ মৃত্যু হয় বুলি অভিযোগ কৰে। ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষক ৰোগী ভদ্ৰকান্ত বৰাৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা বুলি অভিযোগ দাখিল কৰা কৰ্তৃপক্ষই অভিযোগকাৰী গৌতম বৰাৰ সৈতে এক বৈঠকত মিলিত হয় আৰু তেওঁৰ দেউতাকৰ মাল্টিপল ডিজিজত আক্ৰান্ত বুলি জনাই যদিও অভিভাৱকক নজনোৱাকৈ টোপনি ইনজেকচন দিয়াৰ ক্ষেত্ৰত কমিউনিকেশ্বন গেপ হোৱা বুলি স্বীকাৰ কৰে।