দৰমহা নাপাই পৰিয়াল পোহপাল দিয়াত অপাৰগ, এপ’ল মিলৰ কর্মচাৰীৰ আত্মহত্যাৰ চেষ্টা
নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপ’ল মিলৰ এজন কর্মচাৰীয়ে কালি বিহপান কৰি আত্মহননৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ কর্মচাৰীজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ আত্মহত্যাৰ চেষ্টা চলোৱা কর্মচাৰীজন হৈছে বিছেন্নালাৰ দক্ষিণতোলা চুবুৰিৰ উমেশ হালৈ৷ যোৱা চাৰি বছৰ ধৰি এপ’ল মিলটো বন্ধ হৈ থকা বাবে ৪৮ মাহে দৰমহা নাপাই প্রায় পঞ্চাশ বছৰীয়া কর্মচাৰীজনে তীব্র আর্থিক সংকটত ভুগি এনেদৰে আত্মহত্যাৰ চেষ্টা কৰা বুলি মিলটোৰ আন একাংশ কর্মচাৰীয়ে ধাৰণা কৰে৷
কর্মচাৰীজনে বন্ধ মিলটোৰ শ্রমিক কার্যালয়ত কিছু সময় বহি থকাৰ পিছতে হঠাৎ বমি কৰি মাটিত ঢলি পৰে৷ লগে লগে পৰিয়ালক অৱগত কৰাত মিলটোৰ কেইজনমান কর্মচাৰীৰ সহযোগত প্রথমে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়৷ কিন্তু তেওঁৰ অৱস্থা সংকটজনক হোৱা বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতললৈ প্রেৰণ কৰা হয়৷
উল্লেখ্য যে চাৰি বছৰ পূর্বে এপ’লৰ উৎপাদন বন্ধ হৈ পৰাৰ পিছত দৰমহা নাপাই মিলটোৰ ছয় শতাধিক শ্রমিক–কর্মচাৰীৰ অৱস্থা শোচনীয় হৈ পৰে৷ বহু আন্দোলন–প্রতিবাদ কৰাৰ পিছত চৰকাৰে মিলটো পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল যদিও আজিলৈকে মিলটো কার্যক্ষম কৰা নহ’ল৷ যাৰ বাবে মিলটোৰ শ্রমিক–কর্মচাৰীসক্ দিনে দিনে পৰিয়াল পোহপাল দিয়াত অপাৰগ হৈ পৰে৷
ইতিমধ্যে মিলটোৰ একাধিক হতাশাগ্রস্ত কর্মচাৰীয়ে আত্মহননৰ দৰে চৰম পথ বাছি লৈছে৷ এনে সময়তে পুনৰ আন এজন কর্মচাৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ সচেতন লোকে উদ্বেগ প্রকাশ কৰে৷ শীঘ্রে মিলটো পুনৰ কার্যক্ষম অথবা কর্মচাৰীসকলক ভিআৰএছ প্রদান কৰিবলৈ এপ’ল কর্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজে দাবী জনাইছে৷