নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱজাতকৰ মৃত্যুক লৈ নলবাৰীৰ নার্ছিং হোমত উত্তেজনা

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ পুনৰ বিতর্কৰ আৱর্তত সোমাল নলবাৰীৰ প্রগতি নার্ছিং হোমৰ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন৷ নলবাৰীৰ এইখন ব্যক্তিগত চিকিৎসালয়ত এটা নৱজাতক শিশুৰ মৃত্যুক কেন্দ্র কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ উল্লেখ্য যে নলবাৰী প্রগতি নার্ছিং হোমত বুধবাৰে সন্ধিয়া ছয় বজাত ঘগ্রাপাৰৰ কুন্দৰ গাঁৱৰ জাবৰিহাটী চুবুৰিৰ গর্ভৱতী আনোৱাৰা বেগমক ভর্তি কৰায় পৰিয়ালৰ লোকে৷ চিজাৰিয়ান কৰি এটি পুত্র সন্তান জন্ম দিয়ে৷

জন্মৰ পিছদিনা নিশা মাতৃৰ স্তনপান নকৰাত শিশু চিকিৎসক অনিল তালুকদাৰক কথাটো পৰিয়ালে অৱগত কৰায়৷ কিন্তু চিকিৎসক অনিল তালুকদাৰে শিশুই ৪৮ ঘণ্টা মাতৃৰ স্তনপান নকৰিলেও কোনো অসুবিধা নহয় বুলি পৰিয়ালক অৱগত কৰে আৰু চিকিৎসক তালুকদাৰে এটা তেজৰ পৰীক্ষা কৰিব দিয়ে৷ পৰীক্ষাৰ অন্তত শিশুটি সুস্থ বুলি চিকিৎসক তালুকদাৰে ঘৰলৈ যাবলৈ অনুমতি দিয়া বুলি পৰিয়ালে জনায়৷

পিছত মাতৃসহ শিশুটিক কালি দুপৰীয়া ১.৩০ বজাত ঘৰলৈ লৈ যোৱা হয়৷ কিন্তু আদবাটতে শিশুটি কিছু অসুস্থ হৈ পৰে৷ পৰিয়ালে চিকিৎসক অনিল তালুকদাৰক ফোন কৰাত কিছু উপদেশ আগবঢ়ায়৷ কিন্তু শিশুটি অধিক অসুস্থ হোৱাত চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে শিশুটি মৃত বুলি ঘোষণা কৰে৷

শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ পিছতে পৰিয়ালটোৰ মাজত লাগে হাহাকাৰ৷ চিকিৎসালয়খনত নিশা এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ নলবাৰী সদৰ থানাৰ আৰক্ষী চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

You might also like