নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসম্পদৰ ৬২ সহকাৰী অভিযন্তাক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ বাবে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত আন এক পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনত ৬২গৰাকী সহকাৰী অভিযন্তা (চিভিল)ক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই উপলক্ষে জনতা ভৱনস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্ৰুতি পূৰণৰ দিশত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। ১ লাখ চৰকাৰী চাকৰি প্রদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২১ চনৰ মে’ মাহৰ পৰা বিভিন্ন বিভাগত মুঠ ৮৭,৭২০জনক নিযুক্তি প্রদান কৰা হৈছে। আজি ৬২ জন সহকাৰী অভিযন্তাক নিযুক্তি প্ৰদান কৰাৰ লগে লগে এই সংখ্যা ৮৭,৭৮২জনলৈ বৃদ্ধি পালে বুলিও তেওঁ কয়। অসম আৰক্ষীত ৫ হাজাৰ খালী পদ আৰু স্বাস্থ্য বিভাগত ৩ হাজাৰ খালী পদৰ বাবে শেহতীয়াভাৱে বিজ্ঞাপন দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক দিনত তৃতীয় আৰু চতুৰ্থ বৰ্গত নিযুক্তিৰ উদ্দেশ্যৰে ৮ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ব। শিক্ষা বিভাগত ১০ হাজাৰ পদসহিতে ২৫ হাজাৰতকৈও অধিক যুৱক-যুৱতীক আগন্তুক সময়ছোৱাত মকৰল কৰিব পৰা যাব বুলি তেওঁ কয়। ইয়াৰ ফলত ১ লাখতকৈও অধিক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ (পথ) আৰু লোক নিৰ্মাণ (গৃহ), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি বিভিন্ন বিভাগত বৃহৎ সংখ্যক অভিযন্তাক নিযুক্তি দিয়া হয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এক দশক অথবা তাৰ পূৰ্বৰ পৰিস্থিতিৰ সৈতে বৰ্তমানৰ পৰিস্থিতি সলনি হৈ পৰিছে। পূৰ্বতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী খণ্ডত সংস্থাপনৰ সুযোগৰ অভাৱত গভীৰ হতাশা আৰু অসন্তুষ্টি প্রকাশ কৰিছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰি কয় যে সম্পূৰ্ণ স্বচ্ছতাৰে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা নতুন প্রজন্মৰ অভিযন্তাসকলে জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধ হৈ নিষ্ঠাৰে সেৱাত মনোনিৱেশ কৰিব। ৰাজ্যখনৰ বানপ্ৰৱণ অঞ্চলৰ জনসাধাৰণক সকাহ প্রদান কৰাৰ চৰকাৰী প্ৰচেষ্টাত জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ গধূৰ দায়িত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বাৰিষা আগমনৰ পূৰ্বে মথাউৰিসমূহ যাতে সঠিক অৱস্থাত থাকে তাৰ বাবে জলসম্পদ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰাসকলে নিশ্চিত কৰিব লাগিব। তেওঁ লগতে কয় যে মথাউৰিসমূহ সঠিক কৰি ৰখাৰ উপৰি নতুন প্রজন্মৰ অভিযন্তাসকলে বিশাল ব্ৰহ্মপুত্ৰৰ সম্ভাৱনাক আৱিষ্কাৰ কৰি জনহিতকৰ বাবে ব্যৱহাৰ কৰিব পৰা বিকল্প পথৰো সন্ধান কৰিব লাগিব। তেওঁ কয় যে নতুন প্ৰজন্মৰ অভিযন্তাসকলে নিজৰ বিভাগক শক্তিশালীকৰণৰ দিশত কৰ্ম সংস্কৃতিক অধিক গতিশীলতা প্রদান কৰিব লাগিব। নতুনকৈ নিযুক্তি পোৱা অভিযন্তাসকলে তেওঁলোকৰ বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ প্ৰয়োজনীয় গুণসমূহ আহৰণ কৰাৰ লগতে চৰকাৰী দায়িত্ব পালনৰ সময়ত অনৈতিক কাৰ্যৰ পৰা আঁতৰি থাকিব লাগিব বুলিও কয়। অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, ডাঃ ৰণোজ পেগু আৰু অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচীও উপস্থিত থাকে।

You might also like